গুৱাহাটী: বন্যপ্ৰাণী জাতীয় পৰিষদৰ স্থায়ী সমিতিয়ে যোৱা ডিচেম্বৰত হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰিবেশ-সংবেদনশীল অঞ্চল (ESZ) ৰ ৪.৪৯ হেক্টৰ ভূমিত তৈল আৰু গেছ অনুসন্ধান আৰু খননৰ প্ৰস্তাৱ কিছু শর্তৰ লগত অনুমোদন জনাইছিল।
প্ৰস্তাৱ অনুসৰি, ব্যৱহাৰকাৰী সংস্থাই খনন অভিযান আৰম্ভ কৰাৰ আগতেই, অনুসন্ধান খননৰ সম্পূৰ্ণ পৰিকল্পনা, লগতে উপাদান সুৰক্ষা তথ্য পত্র (Material Safety Data Sheet) প্ৰাসংগিক কৰ্তৃপক্ষক দাখিল কৰিব লাগিব।
সংসদত কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু তিৰুভাল্লুৰ সাংসদ শশীকান্ত সেন্থিলে উত্থাপন কৰা প্ৰশ্নৰ লিখিত উত্তৰত, পৰিৱেশ, অৰণ্য আৰু জলবায়ু পৰিবর্তন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিৰ্তি বৰ্ধন সিঙে এই তথ্য প্ৰকাশ কৰে।
ইয়াৰ উপৰিও, শ্বর্তবোৰত উল্লেখ আছে যে, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ (SPCB) আৰু অৰণ্য বিভাগে প্ৰকল্পটোত নিয়ন্ত্ৰণ আৰু নিৰবিচারে পৰ্যবেক্ষণ অব্যাহত ৰাখিব লাগিব। ব্যৱহাৰকাৰী সংস্থাই সিসিটিভি ডিজিটেল ভিডিঅ’ নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰিব লাগিব যাতে সকলো অপাৰেশ্যনৰ লাইভ মনিটৰিং কৰিব পৰা যায়। SPCB ৰ নিয়ম উলংঘা হ’লে, সেই অপাৰেশ্যন তৎক্ষণাত বন্ধ কৰি প্ৰকল্পটো বাতিল কৰা হ’ব আৰু প্ৰয়োজনীয় আইনানুগ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
শর্তসমূহত আৰু কোৱা হৈছে যে, ESZ ৰ ভিতৰত যদি কোনো তৈল বা গেছৰ ভঁৰাল পোৱা যায়, তেনেহ’লে সেই অঞ্চলৰ পৰা নিষ্কাশন সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। ব্যৱহাৰকাৰী সংস্থাই গছ কাঢ়া কম ৰখাৰ লগতে বন্যপ্ৰাণী আৰু তেওঁলোকৰ বাসস্থানত কোনো প্ৰতিকূল প্ৰভাৱ নপৰাৰ নিশ্চয়তা দিব লাগিব।
এটা প্ৰশ্নৰ উত্তৰত, প্ৰকল্পটো হাতত লোৱাৰ আগতে চৰকাৰে বা জড়িত কোম্পানীয়ে কোনো জনসন্মতি প্ৰদান কৰিছিল নে নাই সেই বিষয়ে মন্ত্ৰীয়ে কৈছে যে, সমুদ্ৰত তথা স্থলভাগত তৈল আৰু গেছ অনুসন্ধান সংক্রান্ত সকলো প্ৰকল্পক ২০০৬ চনৰ পৰিবেশ প্ৰভাৱ মূল্যায়ন (EIA) অধিসূচনাৰ অধীনত ‘B2’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। এইটো জনসন্মতি বা EIA ৰ পৰা মুক্তি প্ৰদান কৰে।