Close

অসমৰ বাবে গৌৰৱৰ কথা, ৰাজস্থান ৰয়েলছৰ নেতৃত্বত অসম সন্তান ৰিয়ান পৰাগ

০ ৰাজস্থান ৰয়েলছৰ নেতৃত্বত ৰিয়ান পৰাগ ০

০ প্ৰথম তিনিখনত অধিনায়কৰ ৰূপত খেলিব ৰিয়ানে ০

২২ মাৰ্চত আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ আই পি এল । ২৩ মাৰ্চত আই পি এলত অভিযান আৰম্ভ কৰিব ৰাজস্থান ৰয়েলছে । অসমৰ বাবে গৌৰৱৰ কথা এয়ে যে এইবাৰ ৰাজস্থান ৰয়েলছে আই পি এলত নিজৰ অভিযান আৰম্ভ কৰিব অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত । হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন খেলৰ পিছতে ৰাজস্থান ৰয়েলছ আহিব গুৱাহাটীলৈ । কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে গুৱাহাটীত খেলিব ৰাজস্থান ৰয়েলছে । সেয়েহে এইবাৰ গুৱাহাটীৰ দৰ্শকে ৰিয়ান পৰাগক দেখিব ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰূপে ।

সন্দেহ নাই অসমৰ এই প্ৰতিভাবান ক্ৰিকেটাৰ গৰাকীক আই পি এলৰ বিগত বৰ্ষৰ চেম্পিয়ন দলক নেতৃত্ব দিয়া চাবলৈ গুৱাহাটীত দৰ্শকৰ ভিৰ লাগিব ।

উল্লেখযোগ্য যে ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছন অলপতে পোৱা আঙুলিৰ আঘাতৰ পৰা এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই । সেয়েহে এগৰাকী সাধাৰণ খেলুৱৈ ৰূপে প্ৰথম তিনিখন খেল খেলিব সঞ্জু চেমছনে । এইছোৱা সময়ত দলটোক নেতৃত্ব দিব ৰিয়ান পৰাগে ।

বিগত বৰ্ষত ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ান পৰাগে ১৬ খন মেচত ৫৭৩ ৰাণ সংগ্ৰহ কৰিছিল । ইয়াৰ পিছতেই তেওঁ ভাৰতীয় দলত অৰ্ন্তভুক্ত হয় । যোৱা বছৰ ৯ খন টি-২০ আৰু এখন এদিনীয়া খেলত ভাৰতৰ হৈ খেলিছিল এই গৰাকী অসম সন্তানে ।

ৰিয়ান পৰাগৰ এই সফলতাই আনন্দিত কৰি তুলিছে অসমৰ ক্ৰিকেট প্ৰেমীসকলক ।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top