সদৌ অসম মিডিয়া টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা
প্ৰথম ৰাউণ্ডৰ খেলত পুৰুষ মহিলাৰ ২৮টা দলৰ অংশগ্ৰহণ
গুৱাহাটী, ৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ জনতা ভৱন খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে সদৌ অসম মিডিয়া টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ২৮টা দলে অংশগ্ৰহণ কৰিছে।
খেলখনত উদ্বোধনী অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰূপক দাস, প্ৰাক্তন ৰঞ্জী খেলুৱৈ
বিমল ভৰালী, নৱ কোঁৱৰ, জ্যেষ্ঠ সাংবাদিক
প্ৰণয় বৰদলৈ, প্ৰাণজিৎ শইকীয়া,গণ অধিকাৰ কাকতৰ সম্পাদক ছাহজাহান তালুকদাৰ আদি উপস্থিত থাকে। উদ্বোধনী পুৰুষ দলৰ খেলত এন কে টিভিৰ হাতত অসমীয়া প্ৰতিদিন দলটো পৰাজিত হয়। উল্লেখ্য যে পুৰুষ-মহিলা উভয় শাখাত অনুষ্ঠিত খেলখন পুৰুষৰ ছয় অভাৰ আৰু মহিলাৰ চাৰি অ’ভাৰৰ।
ইয়াৰ পাছতে পুৰুষ দলৰ প্ৰথম খবৰৰ হাতত প্ৰতিদিন টাইম ৰেড, নিউজ লাইভৰ হাতত দিছপুৰ প্ৰেছ ক্লাব, নিউজ ১৮ অসমৰ হাতত এনে ডি ২৪ পৰাজিত হয়।মহিলা শাখাত প্ৰথম খবৰৰ হাতত ডিৱাই ৩৬৫ হয়। দিনটোৰ শেষৰ খন খেলত এন বি নিউজে ইউনাইটেড মিডিয়া ক্লাৱৰ বিৰুদ্ধে জয় লাভ কৰে।