Close

সাংবাদিক মৃণাল কুদ্দুচক আক্ৰমণৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহণাঃ শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী

গুৱাহাটীঃ ৩০ জানুৱাৰীঃ কালি মৃণাল কুদ্দুচ নামৰ ’প্ৰতিদিন টাইম’ৰ সাংবাদিক এগৰাকীক বিধায়ক ৰেকিবুদ্দিন আহমেদৰ গাড়ীচালক খাইৰুল ইছলামে গাড়ী পাৰ্ঙিঙৰ সামান্য অজুহাতত নিৰ্মমভাৱে প্ৰহাৰ কৰা কাৰ্যত গুৱাহাটী প্ৰেছ ক্লাবে গৰিহণা দিছে আৰু শীঘ্ৰে ঘটনাৰ তদন্ত কৰি দোষীৰ

 

বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়৷ এক বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে সাংবাদিকৰ নিৰাপত্তাৰ দিশত আৰক্ষী প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবে বাৰে বাৰে সাংবাদিকসকল নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে৷ ইয়াৰ প্ৰতিবাদ গুৱাহাটী প্ৰেছ ক্লাবে কৰি আহিছে যদিও আৰক্ষীয়ে গুৰুত্ব দিয়া নাই৷ তাৰ ফলতে বিধায়কৰ গাড়ীচালকেও সাংবাদিকক ৰাজপথত মাৰপিট কৰিবলৈ

 

কুণ্ঠাবোধ নকৰা হ’ল৷ এগৰাকী সাংবাদিকৰ গাত হাত তোলা অধিকাৰ কোনে দিলে? মৃণাল কুদ্দুচৰ আক্ৰমণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, অন্যথা সকলো সাংবাদিকৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top