দ্য গোল্ডেন মিটৰ জৰিয়তে গোলাঘাটত প্ৰকৃষ্টতা উদযাপন তাজ চিমেণ্টৰ
গুৱাহাটী, ১৬ মাৰ্চ, ২০২৫: জনপ্ৰিয় চিমেণ্ট ব্ৰেণ্ড তাজ চিমেণ্টৰ বিকাশত কোম্পানীটোৰ ডিলাৰ আৰু ছাব-ডিলাৰসকলে আগবঢ়োৱা অনন্য অৱদানক স্বীকৃতি প্ৰদান কৰি গোলাঘাটত আয়োজন কৰা হয় ‘দ্য গোল্ডেন মিট’ৰ।
এই বিশেষ অনুষ্ঠানত সমগ্ৰ অঞ্চলটোৰ প্ৰায় ১০০ গৰাকী ব্যৱসায়িক অংশীদাৰে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল কোম্পানীটোৰ বিভিন্ন প্ৰকল্পত ডিলাৰ আৰু ছাব-ডিলাৰৰ অসাধাৰণ প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰা আৰু সন্মান জনোৱা। কোম্পানীটোৰ শীৰ্ষ ব্যৱস্থাপনা কৰ্তৃপক্ষই শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীসকলক সোণৰ মুদ্ৰা প্ৰদান কৰে, যিয়ে তেওঁলোকৰ সফলতাক স্বীকৃতি দিয়াই নহয়, শক্তিশালী ব্যৱসায়িক সম্পৰ্ক আৰু ডিলাৰ নেটৱৰ্কৰ অপৰিহাৰ্য ভূমিকাকো পুনৰ দৃঢ় কৰি তুলিবলৈ সক্ষম হয়।
ইফালে, এই আনন্দোৎসৱৰ লগত সংগতি ৰাখিয়েই ধুমধামেৰে উদযাপন কৰা হয় হোলী মিলন উৎসৱৰ, য’ত অংশগ্ৰহণকাৰীসকলে একেলগে ৰং আৰু আনন্দৰ বিনিময় কৰে। সন্মান আৰু পৰম্পৰাৰ এই অভিনৱ সংমিশ্ৰণে ‘দ্য গোল্ডেন মিট’ক কেৱল আনুষ্ঠানিক সন্মিলন নহয়, বৰঞ্চ ভাতৃত্ববোধ, সৌহাৰ্দ্য আৰু স্মৰণীয় মুহূৰ্তেৰে ভৰা এক হৃদয়স্পৰ্শী অভিজ্ঞতা কৰি তোলে।
অনুষ্ঠানত ব্যক্তব্য প্ৰদান কৰি তাজ চিমেণ্টৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কোম্পানীটোৰ ডিলাৰসকলৰ অটল নিষ্ঠা আৰু সততাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে তেওঁলোকৰ সফলতাই তাজ চিমেণ্টৰ অগ্ৰগতিৰ মূল চালিকা শক্তি। ইয়াৰ উপৰিও এই সন্ধিয়াটোৱে ভৱিষ্যতৰ ব্যৱসায়িক সুযোগৰ বিষয়ে আলোচনা কৰাৰ লগতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে।
স্বীকৃতি আৰু উদযাপনৰ এক অভূতপূৰ্ব সংমিশ্ৰণৰ জৰিয়তে ‘দ্য গোল্ডেন মিট ২০২৫’-এ পৰম্পৰা, সততা, শক্তিশালী সম্পৰ্ক, আৰু সামূহিক সফলতাক আটাইতকৈ বেছি মূল্য দিয়া ব্ৰেণ্ড হিচাপে তাজ চিমেণ্টক আৰু অধিক প্ৰতিষ্ঠিত কৰি তুলিবলৈ সক্ষম হৈছে।