Close

  দহজনৰে খেলি নৰ্থ ইষ্ট ইউনাইটেডক হৰুৱাই ছেমিফাইনেলত জামছেদপুৰ এফ চি

দহজনৰে খেলি নৰ্থ ইষ্ট ইউনাইটেডক হৰুৱাই ছেমিফাইনেলত জামছেদপুৰ এফ চি

নৰ্থ ইষ্ট ইউনাইটেডজামছেদপুৰ এফ চি

[ষ্টিফেন ইজে ২৯ মিনিট, জাভি হাৰ্ণাণ্ডেজ ৯০ মিনিট]

স্প’ৰ্টছ ডেস্ক : জামছেদপুৰ এফ চিয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগত চতুৰ্থটো দল হিচাপে ছেমিফাইনেলত প্ৰৱেশ কৰিছে ৷ আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আই এছ এলৰ দ্বিতীয়খন প্লে-অফ মেচত দলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিক ২-০ গলত পৰাস্ত কৰি অন্তিম চাৰিলৈ যোগ্যতা অৰ্জন কৰে ৷

খেলৰ ২৯ মিনিটত জামছেদপুৰৰ হৈ প্ৰথমটো গলটো কৰে ষ্টিফেন ইজে ৷ সোফালৰ পৰা অতি কঠিন এংগলৰ পৰা এটা দৰ্শনীয় শ্বট মাৰি অনবদ্য গল কৰে ষ্টিফেনে ৷ এই অগ্ৰগতিয়ে বিজয়ৰ দুবাৰ মুকলি কৰে জামছেদপুৰ এফ চিৰ ৷ প্ৰথমাৰ্ধত দলটো আগুৱাই থাকি নৰ্থ ইষ্ট ইউনাইটেডক চাপত ৰাখিবলৈ সক্ষম হয় ৷

দ্বিতীয়াৰ্ধত জামছেদপুৰৰ ৰণনীতি আছিল ৰক্ষণবিভাগত খেলুৱৈৰ সংখ্যা বৃদ্ধি কৰি নৰ্থ ইষ্ট ইউনাইটেডক আক্ৰমণৰ সুযোগ নিদিয়া ৷ জামছেদপুৰৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে লোৱা এই ৰণনীতিয়ে বিপক্ষক প্ৰত্যাৱৰ্তনৰ সুযোগ নিদিলে ৷ বক্সত নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈক প্ৰৱেশে কৰিব নিদিলে জামছেদপুৰৰ ৰক্ষণপন্থীয়ে ৷

খেলৰ অন্তিম ক্ষণত [৮৮ মিনিট] জামছেদপুৰৰ মোহাছিৰ ৰহমানে ৰঙা কাৰ্ড পায়৷ পৰবৰ্তী বাৰ মিনিট সময় দলে দহজনৰে খেলিব লগা হয় যদিও ইয়াৰ সুযোগ নৰ্থ ইষ্ট ইউনাইটেডে ল’ব নোৱাৰিলে৷ বিপৰীতে এজন খেলুৱৈ কম হোৱাৰ পাছতো ইনজুৰী টাইমত গল কৰাত সফল হয় জামছেদপুৰ ৷

খেল সমাপ্ত হ’বলৈ দুই মিনিট থকা অৱস্থাত জাভি হাৰ্ণাণ্ডেজে জামছেদপুৰৰ হৈ দ্বিতীয়টো গল কৰি দলৰ বিজয় তথা ছেমিফাইনেলত প্ৰৱেশ নিশ্চিত কৰি দিয়ে ৷ বিপৰীতে ঘৰত খেলাৰ পাছতো বিফলতাৰ সন্মুখীন হয় নৰ্থ ইষ্ট ইউনাইটেড ৷

উল্লেখ্য যে, শ্বিলঙত খেলা অন্তিম লীগ মেচত নৰ্থ ইষ্ট ইউনাইটেডে চাৰিটা গল কৰি আত্মবিশ্বাসী হৈ আছিল যদিও আজি দলে বিপক্ষৰ ডিফেন্সৰ ৰণনীতিত সংঘবদ্ধ আক্ৰমণ কৰাত ব্যৰ্থ হয় ৷ জামছেদপুৰে গুৱাহাটীৰ দলটোৰ তাৰকা ষ্ট্ৰাইকাৰ আজাৰাইক দক্ষতাৰে বান্ধি ৰাখি আক্ৰমণৰ সুযোগ নিদিলে ৷

ছেমিফাইনেলত জামছেদপুৰ মুখামুখি হ’ব বিগত বৰ্ষৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ ৷ এই ছেমিফাইনেলৰ প্ৰথম লেগৰ মেচ অহা তিনি এপ্ৰিলত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় লেগৰ মেচখন সাত এপ্ৰিলত কলকাতাত অনুষ্ঠিত হ’ব ৷ আনহাতে, জামছেদপুৰে গৃহভূমিত খেলিব প্ৰথম লেগৰ মেচ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top