Close

৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে দেশজুৰি চলিছে প্ৰস্তুতি ।

গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত উন্মোচন কৰিব পতাকা?

৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে দেশজুৰি চলিছে প্ৰস্তুতি ।

বিশেষ প্ৰতিবেদন : ২৬ জানুৱাৰী, গণৰাজ্য দিৱস । উলহমালহেৰে ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে দেশজুৰি চলিছে প্ৰস্তুতি ।
নতুন দিল্লীৰ কৰ্তব্য পথত চলিছে ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ । দেশৰ সামৰিক, অৰ্ধসামৰিক বাহিনীৰ পেৰেডৰ সমান্তৰালভাৱে ১৬ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ১০ টা মন্ত্ৰালয়/বিভাগৰ প্ৰতিকৃতি প্ৰদৰ্শন কৰা হ’ব নতুন দিল্লীৰ কৰ্তব্য পথৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত ।

গণতন্ত্ৰ দিৱস ২০২৫ৰ মূল বিষয়বস্তু হৈছে “স্বৰনিম ভাৰত – বিৰাসাত আৰু বিকাশ” (সোণালী ভাৰত – ঐতিহ্য আৰু উন্নয়ন), যি ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু প্ৰগতিৰ যাত্ৰা প্ৰতিফলিত কৰে ।

ভাৰত আৰু ইণ্ডোনেছিয়াৰ কূটনৈতিক সম্পৰ্কৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ২০২৫ চনৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে নতুন দিল্লীত উপস্থিত থাকিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ও ছুবিয়ানটো ।

৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি । গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ মাৰ্চপাষ্টৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ জোৱান, NCC, স্কাউট আৰু গাইডৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল ৷

——————— গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত উন্মোচন কৰিব পতাকা —————–

০ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।
০ ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
০ শোণিতপুৰত পীযুষ হাজৰিকা
০ যোৰহাটত বিমল বৰা
০ নলবাৰীত জয়ন্ত মল্ল বৰুৱা
০ বৰপেটাত নন্দিতা গাৰ্লোচা
০ তিনিচুকীয়াত প্ৰশান্ত ফুকন
০ কাছাৰত কৌশিক ৰায়
০ শ্ৰী ভূমিত কৃষ্ণেন্দু পাল
০ দৰঙত ৰঞ্জিত দাস
০ শিৱসাগৰত অতুল বৰা
০ বঙাইগাঁৱত কেশৱ মহন্ত
০ চিৰাঙত উৰ্খাও গৌড়া ব্ৰহ্ম
০ কামৰূপত চন্দ্ৰ মোহন পাটোৱাৰী
০ ধেমাজিত ৰণোজ পেগু
০ নগাঁৱত অশোক সিংহল
০ লখিমপুৰত ৰূপেশ গোৱালা
০ কোকৰাঝাৰত প্ৰমোদ বড়ো
০ ডিফুত তুলিৰাম ৰংহা
০ হাফলঙত দেবুলাল গাৰ্লোচা
০‌ ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰী
০ গোৱালপাৰাত নোমল‌ মমিন
০ মাহমৰাত যোগেন মহন
০ গোলাঘাটত অজন্তা নেওগ

সবিশেষ- https://www.facebook.com/share/v/1Dye5ZhVXT/

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top