গুৱাহাটী বিশ্ববিদ্যালয়ত মত বিনিময় অনুষ্ঠান
নিউজ ডেস্ক : গ্ৰাম্য উদ্যোগীকৰণক আৰু এখোজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত “আত্মনিৰ্ভৰ অসম অভিযান ২.০” ৰ অধীনত মুখ্যমন্ত্ৰীৰ ফেল’সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ মত বিনিময় অনুষ্ঠান সম্পন্ন হয় । উক্ত অনুষ্ঠানত ফেল’সকলে নিজৰ ক্ষেত্ৰৰ অভিজ্ঞতাসমূহ বৰ্ণনা কৰে তথা ফেল’শ্বিপ কাৰ্যসূচীক শক্তিশালী কৰাৰ বিভিন্ন বিষয় আলোচনা উপস্থাপন কৰে ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড⁰ ননী গোপাল মহন্তই অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই তথা উল্লেখ কৰে যে,”গ্ৰাম্য ক্ষুদ্ৰ পৰ্যায়ৰ উদ্যোগীকৰণৰ বাবে মুখ্যমন্ত্ৰীৰ দৃষ্টিভংগী কেৱল নীতি নহয়,প্ৰাথমিক পৰ্যায়ত জীৱন ৰূপান্তৰিত কৰাৰ এক মাধ্যম ।” লগতে উপাচাৰ্যগৰাকীয়ে ৰাজ্যিক পদক্ষেপৰ সৈতে শৈক্ষিক দিশৰ সম্পদসমূহক একলগ কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়,”পশু চিকিৎসা বিজ্ঞানৰ দৰে খণ্ডত বৃহৎ বিনিয়োগ কৰা হৈছে, আৰু আমি হাতে কামে প্ৰশিক্ষণ প্ৰদান আৰু ব্যৱহাৰিক প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ অধিক বিশেষজ্ঞক আনিব লাগিব ।”
অনুষ্ঠানত ফেল’সকলে তেওঁলোকৰ কামৰ ক্ষেত্ৰত পোৱা মূল্যৱান দিশসমূহ উল্লেখ কৰে । অংশগ্ৰহণকাৰী সমূহৰ অন্যতম ৰহাত নিযুক্তি পোৱা মুখ্যমন্ত্ৰীৰ ফেল’ নন্দিনী ছিকদাৰে নিজৰ অভিজ্ঞতাসমূহ বৰ্ণনা কৰে । অনুষ্ঠানত ফেল’সকলে বিভিন্ন ক্ষেত্ৰত লাভ কৰা বিশ্ববিদ্যালয় সমৰ্থিত সমৰ্থনৰ সৈতে গঠনমূলক বিভিন্ন বিষয়ে আলোচনা কৰে ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য প্ৰশাসন বিভাগে ইতিমধ্যে বিশেষভাৱে চি এম ফেল’ৰ বাবে ডিজাইন কৰা তেওঁলোকৰ নিউ ভেঞ্চাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্টৰ স্নাতকোত্তৰ ডিপ্লমা বৃদ্ধিৰ পৰিকল্পনা কৰিছে ।