Close

শিল্পগ্ৰাম মহোৎসৱ ২০২৫ৰ সফল সামৰণী

শিল্পগ্ৰাম মহোৎসৱ ২০২৫ৰ সফল সামৰণী
মুখ্য অতিথি হিচাপে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা আৰু পদ্মশ্ৰী বায়নাচাৰ্য ঘনকান্ত বৰা

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ (এন.ই.জেড.চি.চি.)ৰ উদ্যোগত ১৭ জা‌নুৱাৰীৰ পৰা ২১ জানুৱাৰী ২০২৫ লৈ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম চৌহদত ‘শিল্পগ্ৰাম মহোৎসৱ’ অনুষ্ঠিত কৰা হয় । উক্ত ৰাষ্ট্ৰীয় মহোৎসৱত দেশৰ ১৪ ৰাজ্যৰ ২৫০ গৰাকী লোক, পৰম্পৰাগত আৰু শাস্ত্ৰীয় সংগীত লোক পৰম্পৰাগত শিল্পৰ সংগীত-নৃত্যৰে মুখৰ হয় গুৱাহাটী ।

 

গুৱাহাটীৰ পাঞ্জাবাৰীত ২০০৬ চনৰ ১৭ জানুৱা‌ৰীত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূবাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক প্ৰকল্প চৌহদ শিল্পগ্ৰাম‌ৰ ২০ তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষত আয়োজিত কৰা এইবেলিৰ শিল্পগ্ৰাম মহোৎসৱত আঠভনী ৰাজ্যৰ লগতে ভাৰত বৰ্ষৰ ১৪ খন ৰাজ্যৰ লোক সাংস্কৃতিক শিল্পীৰ দলৰ লোক-কলা-কুশলীয়ে ‌অংশগ্ৰহণ কৰিছে । উৎসৱত বাৰেৰহনীয়া লোক, পৰম্পৰাগত আৰু শাস্ত্ৰীয় সংগীত-নৃত্য সমাহাৰে এখন ক্ষুদ্ৰ ভাৰতলৈ পৰিণত হৈছে । এন.ই.জেড.চি.চি. সঞ্চালক ডা: প্ৰসন্ন গগৈয়ে সংৰচনা কৰা ১ঘন্টীয়া এক নৃত্যানুষ্ঠানত মণিপুৰৰ বসন্ত ৰাস অসমৰ শাস্ত্ৰীয় সত্ৰীয়া নৃত্য, ত্ৰিপুৰাৰ হোজাগিৰি, তেলেংগানাৰ মাথুৰী, নাগালেণ্ডৰ আনঝান্টা, অসমৰ দাওশ্ৰী দেলাই, পঞ্জাৱৰ জিন্দুৱা-ভাংৰা , অৰুণাচল প্ৰদেশৰ ৰিখামপাদা আৰু জু-জু -জা-জা, গুজৰাটৰ তলৱাৰ ৰাস, মিজোৰামৰ চেৰৌ, মধ্যপ্ৰদেশৰ বাধাই, মেঘালয়ৰ ৱাংগালা, হাৰিয়ানাৰ ফাগ, অসমৰ বিহুনাচ, ওড়িশাৰ সম্বলপুৰী নৃত্য, ছিকিমৰ সিংঘী ছাম, মণিপুৰৰ পৰা অহা শিল্পীৰ দলে চেৰ’ল জাগৈ আৰু থাংটা নৃত্য পৰিৱেশনেৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয় ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top