- বহনক্ষম ভৱিষ্যতৰ বাবে কেইৰ্ণৰ দায়বদ্ধতা প্ৰকাশ
গুৱাহাটী, জুন ৫, ২০২৫ : ৰাষ্ট্ৰসংঘৰ “প্লাষ্টিক প্ৰদূষণ পৰাস্ত কৰক” শীৰ্ষক বিষয়বস্তুক লৈ সমস্ত বিশ্বই ‘বিশ্ব পৰিবেশ দিৱস’ উদযাপন কৰাৰ সময়তে বেদান্ত লিমিটেডৰ অংশ কেইৰ্ণ অইল এণ্ড গেছে প্লাষ্টিক আৱৰ্জনা হ্ৰাস আৰু পৰিৱেশৰ ভাৰসাম্যতা পুনৰুদ্ধাৰৰ বাবে ধাৰাবাহিকভাৱে তৃণমূল পৰ্যায়ৰ পৰা বিভিন্ন প্ৰভাৱশালী পদক্ষেপ গ্ৰহণ কৰি বহনক্ষমতাৰ দিশত নিজৰ স্থিতি দৃঢ় কৰিছে।
বহনক্ষম ভৱিষ্যতৰ বাবে গ্ৰীণবেল্ট বিকাশৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখি আগশাৰীৰ প্ৰতিষ্ঠানটোৱে অসমৰ গোলাঘাট তথা নাকাচাৰিত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে । এই প্ৰচেষ্টাসমূহে কেইৰ্ণৰ বিস্তৃত পৰিৱেশ, সামাজিক আৰু কৌশলৰ এক অবিচ্ছেদ্য অংশ হিচাপে কাম কৰি আহিছে ।
উল্লেখযোগ্য যে যোৱা তিনি বছৰৰ পৰাই প্ৰতিষ্ঠানটোৱে ‘একক ব্যৱহাৰৰ প্লাষ্টিক মুক্ত’ পদক্ষেপ লৈ ৰাজস্থান, গুজৰাট, অন্ধ্ৰ প্ৰদেশ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত কাম কৰি আহিছে । পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো কেইৰ্ণৰ অৱদান গুৰুত্বপূৰ্ণ । ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যকৰী অঞ্চলসমূহত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰকৃতি পুনৰুদ্ধাৰৰ বিভিন্ন পদক্ষেপৰ জৰিয়তে বিগত বছৰত ৪০% অধিক গ্ৰীণবেল্ট এলাকা বৃদ্ধি পাইছে। ইয়াৰ ফলত উন্নত গ্ৰীণবেল্ট এলেকা ৪,০০০ একৰতকৈও অধিক বৃদ্ধি পাইছে। ২০৩০ চনক লক্ষ্য হিচাপে লৈ কোম্পানীটোৱে ২০ লাখ গছপুলি ৰোপণ তথা মেংগ্ৰোভকে ধৰি ৭ লাখ ৬০ হাজাৰ গছপুলি ৰোপণ কৰিছে। ২০২৩ চনৰ পৰা অসম গেছ কোম্পানী লিমিটেড (AGCL)-ৰ সৈতে সহযোগিতাৰে সমগ্ৰ অসমত চাহ বাগিচালৈ গেছ যোগান ধৰিছে । এই পদক্ষেপে চাহ উৎপাদনত কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে পৰিৱেশসহযোগী উদ্যোগ গঢ়ি তুলিছে।
ইয়াৰোপৰিও প্ৰতিষ্ঠানটোৰ হাজাৰগাঁও গেছ ক্ষেত্ৰৰ পৰা স্থানীয়ভাৱে উৎপাদিত গেছৰ যোগানৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ ১০০খন CNG বাছক গেছ প্ৰদান কৰা হৈছে। এই পদক্ষেপে অসম চৰকাৰৰ স্বচ্ছ শক্তি গতিশীলতা অভিযানক সমৰ্থন জনোৱাৰ লগতে নগৰীয়া বায়ু প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিছে।
মিথেন নিৰ্গমন ফলপ্ৰসূভাৱে হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি কেইৰ্ণ অইল এণ্ড গেছ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (UNEP)-ৰ ফ্লেগশ্বিপ মিথেন প্ৰতিবেদন আৰু প্ৰশমন পদক্ষেপ – অইল এণ্ড গেছ মিথেন পাৰ্টনাৰশ্বিপ (OGMP) 2.0-ত যোগদান কৰা ভাৰতৰ প্ৰথমটো তেল আৰু গেছ কোম্পানী হিচাপে স্বীকৃতি লাভ কৰিছে।