ঐতিহাসিক জয় দক্ষিণ আফ্ৰিকাৰ
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত খোদিত কৰিলে নিজৰ নাম
Sports Desk : ঐতিহাসিক লৰ্ডছৰ ষ্টেডিয়ামত এফালে অষ্ট্ৰেলিয়া আৰু আনফালে দক্ষিণ আফ্ৰিকা। ধাৰাবাহিক প্ৰদৰ্শনেৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা অষ্ট্ৰেলিয়াক ফেভাৰিত আখ্যা দিয়া হৈছে । অষ্ট্ৰেলিয়া টেষ্ট চেম্পিয়নশ্বিপৰ ডিফেণ্ডিং চেম্পিয়ন আছিল যদিও সেই শক্তিশালী অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ নিজৰ দখললৈ নিলে দক্ষিণ আফ্ৰিকাই । ১৯৯৮ চনতে চেম্পিয়নছ ট্ৰফিৰ খিতাপ জয় কৰা দক্ষিণ আফ্ৰিকাই আই.চি.চি. ৰ অন্তৰ্গত ৫০ অ’ভাৰৰ বিশ্বকাপই হওক অথবা টি-২০ বিশ্বকাপ, প্ৰত্যেক বাৰেই নিৰাশাৰ সন্মুখীন হৈছিল। চূড়ান্ত পৰ্য্যায়ত আহি থমকি ৰোৱা দক্ষিণ আফ্ৰিকাই ২৭ বছৰৰ অপেক্ষাৰ অন্তত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত খোদিত কৰিলে নিজৰ নাম।