Close

কেইৰ্ণৰ উদ্যোগত “লাচিত দিৱস”

প্ৰতিজন অসমীয়াৰ এটা অতি পৰিচিত আৰু আপোন তথা আহোমৰ নৱমজন বৰফুকন (ফু-কন লুং), মহান বীৰ লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত আহোম সেনাক প্ৰতিনিধিত্ব কৰি মোগলৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিছি পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল।শৰাইঘাট যুদ্ধত লাচিতে দেখুওৱা বীৰত্বৰ বাবে বীৰ লাচিত বৰফুকনৰ নাম অসমৰ বুৰঞ্জীত সোণালী আখৰৰে জিলিকি আছে। সেই মহান বীৰ লাচিত বৰফুকনৰ স্মৃতিত আজি দেশৰ আগশাৰীৰ কম্পেনী কেইৰ্ণ(Cairn)ৰ উদ্যোগত নগাঁৱৰ আৰ্ট ভিলেজত বিভিন্ন কাৰ্য্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হয়। কেইৰ্ণৰ উদ্যোগত নৱপ্ৰজন্মক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰ কৰাৰ লক্ষ্যৰে “সংস্কৃতি সংৰক্ষণ, আত্মনিৰ্ভৰশীলতাক প্ৰসাৰ” অভিযান আৰম্ভ কৰা হৈছে। শিল্প, সাহিত্য, সংস্কৃতিক আন্তঃসংলগ্ন কৰা এই অভিযানৰ আৰম্ভণিৰ কাৰ্যসূচী হিচাপে আজি নগাঁৱৰ আৰ্ট ভিলেজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাত নগাঁও জিলাৰ বিভিন্ন ঠাইৰ শতাধিক কনকন ছাত্ৰ-ছাত্ৰীয়ে কেনভাছত কলাত্মক প্ৰকাশভংগীৰে লাচিত বৰফুকনৰ শৌৰ্য্য বীৰ্য, বীৰত্ব গাঠা জীৱন্ত কৰি তোলে। অনুষ্ঠানটিৰ আৰম্ভণি কৰি বিশিষ্ট চিত্ৰশিল্পী তথা নগাঁৱৰ জ্যোতি আৰ্ট স্কুলৰ অধ্যক্ষ সুজিত দাসে “অসমৰ কণমানি ল’ৰা-ছোৱালীৰ শিপাৰ বিষয়ে সজাগতা থাকিব লাগিব। তেওঁলোক অসমৰ ভৱিষ্যত, তেওঁলোকে বুজিব লাগিব যে অসমত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে। যিকোনো ৰাজ্যৰ বাবে সৰ্বোত্তম পৰিস্থিতি হ’ল যেতিয়া সংস্কৃতি আৰু… উন্নয়ন একেলগে চলি থাকে, আৰু যুৱক-যুৱতী আৰু শিশুসকলেই ইয়াৰ প্ৰকৃত অনুঘটক।” বুলি ভাষন প্ৰদান কৰে। অনুষ্ঠানত সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱা, নগাঁও কলা নিকেতনৰ অধ্যক্ষ ময়ূৰ ফুকন, মতিৰাম বৰা উচ্চ মাধ্যমিক বালিকা বিদ্যাপীঠৰ শিক্ষক প্ৰদীপ কুমাৰ গোস্বামীয়ে লাচিত দিৱসৰ তাৎপৰ্য্য ব্যখ্যা কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক উৎসাাহি কৰে। অনুষ্ঠানটিত
কবিতা আবৃত্তি কৰে শিক্ষয়িত্ৰী
সুস্মিতা দত্ত দাসে। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত কেইৰ্ণৰ কৰ্পৰেট সমন্বক ৠষিকা চৌবী(Rishika Choubey), চয়নিকা ভাগৱতী গোস্বামী, চিত্ৰ শিল্পী স্মৃতি হাজৰিকাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ইফালে কেইৰ্ণৰ উদ্যোগত লাচিত দিৱস উপলক্ষে গুৱাহাটীৰ বেলতলাৰ ড্ৰিমছ স্কুল অৱ আৰ্টটো শতাধিক কনকন ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহণেৰে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিত অংশগ্ৰহন কৰি ড্ৰিমছ স্কুল অৱ আৰ্টৰ প্ৰতিষ্ঠাপক মিতালী ভট্টাচাৰ্জীয়ে কয় যে, ‘এই কলা প্ৰতিযোগিতাৰ জৰিয়তে সৃষ্টিশীলতাক উৎসাহিত কৰা, প্ৰতিভাক সহায় কৰা কেইৰ্ণৰ প্ৰতি আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেওঁলোকৰ এই উৎসাহে শিল্পীসকলৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব।”

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top