গোলাঘাটত কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন
নিউজ ডেক্স – সমন্বয় ক্ষেত্র, গোলাঘাটত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’ল “শিল্পী দিৱসৰ” । কেন্দ্ৰীয়ভাৱে আয়োজন কৰা “শিল্পী দিৱস”ৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে অসমৰ বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্রী শ্রীযুতা অজন্তা নেওগ, অসমৰ কৃষি, আৱকাৰী ইত্যদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰা, চলচ্চিত্ৰ ইতিহাসবিদ আৰু পৰিচালক শ্রীপার্থজিৎ বৰুৱা উপস্থিতি থাকে । সাংস্কৃতিক পৰিক্ৰমা বিভাগ তথা গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্ত পুলক মহন্তৰ তৎপৰতাত শিল্পী দিৱস উদযাপন কৰা হয় । জাতীয় সংগীত আৰু এটি সমবেত সংগীতে অনুষ্ঠানৰ শুভ আৰম্ভণি কৰা হয় । সভাৰ আদৰণি ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে । ভাষণ প্ৰসংগত তেওঁ শিল্পী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু নৱ প্ৰজন্মক জ্যোতি প্ৰসাদ আগৰৱালা , নটসূৰ্য ফণী শৰ্মা, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা, জননেতা ভীমৰ দেউৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়। বৰুৱাই বিপ্লৱী কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱনযাত্ৰা এটি বিস্তৃত বৰ্ণনা দাঙি ধৰে । তেওঁ বিপ্লৱী বীৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ বিষয়ে বহু নতুন তথ্য উল্লেখ কৰি কয় যে এডিনবাৰ্গ বিশ্ববিদ্যালয়ত থাকোঁতে তেওঁ ‘শোণিত কুঁৱৰী‘ নাটকখন ইংৰাজী ভাষালৈ অনুবাদ কৰে বুলিও জানিবলৈ দিয়ে । উল্লেখ যোগ্য, সভাত ১৯৪ জন শিল্পীক বাৰ্ষিক শিল্পী সন্মান ২০২৪-২৫ ৰ বাবে নিৰ্বাচিত কৰা হয় । মাহিলী ৮০০০ হাজাৰ টকাকৈ শিল্পী পেঞ্চন প্ৰদান কৰা হ’ল ১০২ জন শিল্পীক । মন্ত্ৰী অজন্তা নেওগে বঁটাপ্ৰাপ্তসকলক তথা জিলাৰ শিল্পীসকলক শুভেচ্ছা আৰু সেৱা জনায় । শিল্প কৰ্মই শিল্পী সকলক সদায় জীয়াই ৰাখে আৰু এই ক্ষেত্ৰত তেওঁ ৫৫০ বছৰ পুৰণি শংকৰদেৱৰ সৃষ্টিৰ কথা উল্লেখ কৰে । মন্ত্ৰী অতুল বৰাই অসমৰ সৰ্বকালৰে সমাদৃত সু -সন্তান জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰি কয় যে তেওঁ তিনি কালৰ শিল্পী আৰু তেওঁৰ জনপ্ৰিয়তা আজিও বিৰাজমান । ৰূপান্তৰৰে হে পৃথিৱী ধুনীয়া কৰে এই মন্ত্ৰকে সৰোগত কৰি ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে আধুনিক অসমৰ ভেটি গঢ়িবলৈ ভাষা , সংস্কৃতিৰ উত্থানৰ ক্ষেত্ৰত বহু পদক্ষেপ গ্ৰহণ কৰিছে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা ৰূপে স্বীকৃতি প্ৰদান, অসমীয়া চিনেমাক ৰাজ সাহায্য প্ৰদান তথা সত্ৰ সমূহৰ বিকাশৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ সদা সচেতন বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে । সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে, নির্দিষ্ট বক্তা ৰূপে ভাষণ প্ৰদান কৰে ।
কণ্ঠশিল্পী ড° অনিমা চৌধুৰী, শ্ৰীযুত মুকুল ৰাভাক ২০২৫ বৰ্ষৰ শিল্পী বঁটা লগতে শ্ৰীযুতা ৰেবা ফুকনক ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা , ২০২৪ বৰ্ষৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা শ্ৰীযুতা হীৰা নেওগক আৰু ২০২৪ বৰ্ষৰ ভীমবৰ দেউৰী বটাঁপ্ৰাপক শ্ৰীযুত জলেশ্বৰ ব্ৰহ্মক বঁটা প্ৰদান কৰা হয় ।