Close

চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ বিধায়ক আমিনুল ইছলাম, আদালতত হাজিৰ কৰিলে আৰক্ষীয়ে

oবিধায়ক আমিনুল ইছলামক আদালতত হাজিৰ কৰিলে আৰক্ষীয়েo

oচাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ বিধায়ক ইছলামo 

নগাঁও, ২৫ এপ্ৰিল : কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় হত্যালীলাৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক আৰক্ষীয়ে চাৰিদিনৰ জিম্মাত লৈছে।আজি ধৃত বিধায়কজনক আৰক্ষীয়ে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে।আৰক্ষীয়ে বিধায়কজনক অধিক জেৰাৰ বাবে সাত দিনৰ জিম্মাত বিচাৰি আদালতত আবেদন কৰিছিল।কিন্তু আদালতে চাৰি দিনৰ জিম্মা মঞ্জুৰ কৰে বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে যোৱা ২৩ এপ্ৰিলত নগাঁও জিলাৰ আলিটাঙনিত অনুষ্ঠিত এখন পঞ্চায়ত নিৰ্বাচনৰ সভাত অংশগ্ৰহণ কৰি বিধায়ক আমিনুল ইছলামে পেহেলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকক গুলীয়াই হত্যা কৰা ঘটনাৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰিছিল। বিধায়কজনে এই ঘটনাটোকলৈ মোদী চৰকাৰে ভাৰতত হিন্দু মুছলমানৰ মাজত বৈষম্য আৰু বিভাজনৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰি এইটো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ষড়যন্ত্ৰত হৈছে বুলি ভবাৰ কথা ভাষনত উল্লেখ কৰিছিল।


তদুপৰি বিধায়কজনে হিন্দু-মুছলমান চিনাক্ত কৰি সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ কথা মিছা বুলি মন্তব্য কৰি এইয়া বিজেপিৰহে অপপ্ৰচাৰ বুলি সমালোচনা কৰিছিল।তাৎপৰ্যপূৰ্ণ যে স্পৰ্শকাতৰ সময়ত সন্ত্ৰাসবাদক ধিক্কাৰ দিয়াৰ বিপৰীতে বিধায়ক ইছলামে কৰা এনেধৰণৰ বিতৰ্কিত মন্তব্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
ইয়াৰ পিচতেই কালি নগাঁও আৰক্ষীয়ে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত ৩৪৭/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি তেওঁক ধিঙৰ পৰমাইভেটিস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে । কালি নিশা আৰক্ষীয়ে বিধায়কজনক নগাঁও সদৰ আৰক্ষী থানাতেই সোধ পোচ কৰাৰ পিচত আজি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰে । আদালতত হাজিৰ কৰাৰ পূৰ্বে বিধায়কগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। পিচত আৰক্ষীয়ে আদালতৰ অনুমতি ক্ৰমে বিধায়কজনক চাৰিদিনৰ জিম্মাত লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top