০ মহাৰাষ্ট্ৰৰ বাছ টাৰ্মিনাছত জঘন্য ঘটনা ০
০ বাছৰ ভিতৰত নিৰ্যাতনৰ সন্মুখীন মহিলা ০
নিউজ ডেস্ক : মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এক জঘন্য ঘটনা। পুনেৰ অতি ব্যস্ত অঞ্চল সমূহৰ অন্যতম চুৱাৰগেট বাছ টাৰ্মিনাছ। নিতৌ মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহন নিগমৰ প্ৰায় ৬০০ বাছ চলাচল কৰে এই টাৰ্মিনাছৰ পৰা। যোৱা ২৬ ফেব্ৰুৱাৰীত এই টাৰ্মিনাছত ৰখাই থোৱা এখন বাছত এগৰাকী ২৬ বছৰীয়া মহিলাক ধৰ্ষণ কৰা হয়। পুৱা ৫ বজাত সংঘটিত এই ঘটনাৰ বিষয়ে মহিলা গৰাকীয়ে পুৱা ৯ বজাত নিজেই গৈ আৰক্ষীক অৱগত কৰে।
২০১২ বৰ্ষত নতুন দিল্লীৰ মুনিৰকাত এখন চলন্ত বাছত সংঘটিত ঘটনাৰ দৰেই বাছ এখনৰ ভিতৰত সংঘটিত এই লোমহৰ্ষক ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী থানাৰ সমীপতে এটা ব্যস্ত চৰকাৰী বাছ আস্থানত এনে এক ঘটনা কি দৰে সংঘটিত হ’বলৈ পালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ বিৰোধী দল সমূহে।
এন চি পি দলৰ নেতা তথা সাংসদ সুপ্ৰিয়া চুলেই এয়া চৰকাৰৰ গৃহ দপ্তৰৰ ব্যৰ্থতা বুলি অভিহিত কৰিছে।
কংগ্ৰেছৰ প্ৰদেশ সভাপতি হৰ্ষ বৰ্ধন চপকালে এই ঘটনা চৰকাৰৰ বাবে এক প্ৰত্যাহ্বান বুলি কয়। তেওঁ লগতে কয় যে অতি সম্প্ৰতি মহাৰাষ্ট্ৰত এনে ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে।
কেন্দ্ৰীয় মন্ত্ৰী তথা স্থানীয় সাংসদ মুৰলীধৰ মহতুৱে কয় যে চৰকাৰে অপৰাধীক কোনো পধ্যে সাৰি যাবলৈ নিদিয়ে। তেওঁ এই বিষয়ত আৰক্ষীয়ে যথোচিত ব্যৱস্থা গ্ৰহণ কৰি আছে বুলি কয়।
আৰক্ষী আয়ুক্ত স্মাৰটান পাটিলে কয় যে আৰক্ষীয়ে চি চি টি ভিৰ ফুটেজৰ সহায়ত অপৰাধীক ইতিমধ্যে চিনাক্ত কৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ জোৰদাৰ অভিযান চলোৱা হৈছে। অপৰাধীক ধৰাত সহায় কৰোতাক এক লাখ টকা পুৰস্কাৰ দিয়া হ’ব বুলি তেওঁ ঘোষণা কৰে।