Close

শীতৰ সুমিষ্ট এবিধ ৰসাল ফল হৈছে সুমথিৰা বা কমলা । এই কমলাৰ আছে যথেষ্ট উপকাৰীতা ।

ৰাজ্যত এতিয়া বনভোজৰ বতৰ । বনভোজ বুলিলেই যেন প্ৰতিটো বনভোজ দলেই এই সুমিষ্ট কমলা নিয়াটো এটা পৰম্পৰা ।

শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ মানুহে কমলা খাই ভাল পায় ।

 

শীতকালৰ ৰ’দত বহি কমলা খোৱাৰ যেন আমেজেই সুকীয়া । বনভোজলৈ যাওঁতে লগৰীয়াৰ সৈতে কথাৰ মহলা মাৰি নিমখ, জলকীয়া সানি কমলা খোৱাৰ জুতি ভাষাৰে বুজাব নোৱাৰা । গৰমৰ দিনকেইটাত বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰা সুস্বাদু কমলাৰ চৰবতে গৰমৰ দিনত দেহা শাঁত পেলায় । বহুতে কমলা ভাতৰ লগতো চেপি খোৱা দেখা যায় । কমলাৰে বিভিন্ন জুতিৰ মাছ-মঙহ ৰন্ধাৰ উপৰি কেক, আইচক্রীম আদিতো ব্যৱহাৰ হয় ।

অসমীয়া সমাজ জীৱনতো এই কমলাৰ ব্যৱহাৰ অপৰিসীম । বিশেষকৈ সৰুৰে পৰা আমাৰ ঘৰবোৰত তৈয়াৰ কৰা অসমীয়া পিঠা-পনাত কমলাৰ বাকলি ব্যৱহাৰ কৰা দেখি আহিছোঁ ।

–এই কমলাৰ আছে যথেষ্ট উপকাৰীতা–

কমলাত থকা বিভিন্ন খাদ্যপ্রাণ, ভিটামিন এ, ভিটামিন বি, মেগনেছিয়াম, পটাছিয়াম আদিৰ উপস্থিতিৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । কমলাই আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণ , হৃদযন্ত্ৰ , পেশী সবল কৰাৰ লগতে ষ্ট্ৰোকৰ সম্ভাৱনা দূৰ কৰে । কমলাৰ বাকলিৰ ব্যৱহাৰে ছাল উজ্জ্বল আৰু মসৃণ কৰে । কেৱল ইমানেই নহয় ভিটামিন চি সমৃদ্ধ কমলাত এন্টিক্সিডেন্ট থকা বাবে ই কৰ্কট ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । কমলা টেঙা আমাৰ ছালৰ বাবে একপ্ৰকাৰে মহৌষধ । এই কমলাৰ উপকাৰীতা যেন কৈ শেষ কৰিব নোৱাৰি ।

টেঙা-মিঠা সোৱাদৰ এই কমলা অসমত প্ৰচুৰ পৰিমাণে উৎপাদন হয় । প্রায় নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে অসমত উৎপাদিত কমলাই বজাৰ দখল কৰি থাকে । অৱশ্যে ভূটান, মেঘালয়, অৰুণাচল আদিৰ পৰাও এই কমলাৰ আমদানি হয় ।

কমলাৰ ইমানবোৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি আহক আমি সকলোৱে পর্যাপ্ত পৰিমাণে বতৰৰ ফল কমলা খাই আমাৰ শৰীৰ সবল কৰি তোলো ।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top