Close

ছত্তীশগড়ৰ বিজাপুৰত চৰকাৰী বাহিনী আৰু মাওবাদী বিদ্রোহীৰ মাজত প্রচণ্ড সংঘৰ্ষ

ছত্তীশগড়ত ৩১ মাওবাদী নিহত

প্ৰাণ হেৰুৱালে দুই নিৰাপত্তাৰক্ষীয়ে

নিউজ ডেস্ক : ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ গভীৰ অৰণ্যত দেওবাৰে চৰকাৰী বাহিনী আৰু মাওবাদী বিদ্রোহীৰ মাজত হোৱা প্রচণ্ড সংঘৰ্ষত দুগৰাকী নিৰাপত্তাৰক্ষীৰ লগতে ৩১ মাওবাদী নিহত হয়। আৰক্ষী মহাপৰিদৰ্শক পি সুন্দৰৰাজে জানিবলৈ দিয়া মতে বিজাপুৰ ৰাষ্ট্ৰীয় উদ্যান এলেকাত অভিযান চলোৱাৰ সময়তে দুয়োপক্ষৰ মাজত প্রচণ্ড গুলীয়াগুলি হয়। আৰক্ষী বিষয়াজনৰ মতে দেওবাৰে দুপৰীয়া প্ৰথমে বাৰগৰাকী মাও বিদ্রোহী নিহত হয়। কিছু সময়ৰ পিচত আকৌ দুয়োপক্ষৰ মাজত সংঘর্ষ হোৱাত নিহত বিদ্রোহীৰ সংখ্যা ৩১ লৈ বৃদ্ধি পায় আৰু চৰকাৰী বাহিনীৰ দুই নিৰাপত্তাৰক্ষীয়েও প্রাণ হেৰুৱায়। এসপ্তাহৰ পূৰ্বে চৰকাৰী বাহিনীয়ে চলোৱা অভিযানত আঠগৰাকী মাওবাদী নিহত হৈছিল।

নিহত চৰকাৰী বাহিনীৰ দুজনৰ মাজৰ এজন ডিস্ট্রিক্ট ৰিজার্ভ গার্ড (ডি আৰ জি)ৰ জোৱান আৰু আনজন স্পেচিয়েল টাস্ক ফ’ৰ্চৰ (এচ টি এফ)ৰ জোৱান । চি আৰ পি এফ আৰু কোৱা বেটেলিয়নৰ লগত ৰিজার্ভ গার্ড আৰু টাস্ক ফ’র্চে অভিযানত অংশ লৈছিল। যোৱা শুকুৰবাৰৰ পৰা ছত্তীশগড়ৰ বিভিন্ন এলেকাত মাওবাদীৰ বিৰুদ্ধে অভিযান চলিছিল। উল্লেখনীয় যে যোৱা ৬ জানুৱাৰীত ডিস্ট্রিক্ট বিজার্ভগাৰ্ডৰ ছগৰাকী জোৱান আৰু এজন লোকক মাওবাদীয়ে আই ই ডি বিস্ফোৰণেৰে হত্যা কৰাৰ পিচত কেন্দ্রীয় বিত্ত মন্ত্রী অমিত শ্বাহে ২০২৬ৰ ভিতৰত দেশৰ পৰা মাওবাদী তথা নক্সালবাদ নিঃশেষ কৰা হ’ব বুলি ঘোষণা কৰিছিল । দেওবাৰৰ এই সংঘৰ্ষত চৰকাৰী বাহিনীৰ দুজনে প্রাণ হেৰুওৱাত অমিত শ্বাহে গভীৰ শোক প্ৰকাশ কৰি কয় যে এই দুয়োজন জোৱানৰ ত্যাগ অথলে নাযায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top