- ভুৱা প্ৰচাৰক লৈ সৰব গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয় , এপ্ৰিল ১৮ , ২০২৫ : অহা ২৫ এপ্ৰিল, ২০২৫ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুস্থিত হ’বলগীয়া দ্বাত্রিংশতম দীক্ষান্ত সমাৰোহৰ পূৰ্বে সামাজিক মাধ্যমত চৰ্চিত এখন ভুৱা পষ্টাৰ প্ৰচাৰৰ বিৰুদ্ধে নিজৰ স্থিতি প্ৰকাশ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই। সামাজিক মাধ্যমত চৰ্চিত পষ্টাৰখনত দেখুওৱা মতে ২৫ এপ্ৰিল তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত এগৰাকী বলীউড গায়কে গীত পৰিৱেশন কৰিব । কিন্তু ই এক সম্পূৰ্ণ মিছা তথ্য বুলি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনাই বিশ্ববিদ্যালয় কর্তৃপক্ষই ইতিমধ্যেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ ওচৰত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছে ।
বিশ্ববিদ্যালয়খনে স্পষ্ট কৰি দিয়ে যে পোষ্টাৰখন সম্পূৰ্ণ ভিত্তিহীন । বিশ্ববিদ্যালয় কর্তৃপক্ষই এক ৰাজহুৱা জাননী জাৰি কৰি সকলো সঠিক তথ্যৰ বাবে একমাত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক আৰু স্বীকৃত মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে।
পৰিস্থিতিৰ গুৰুত্ব বুজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই কয়, “অহা ২৫ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া আমাৰ আগন্তুক ৩২ সংখ্যক দীক্ষান্ত সমাৰোহৰ পৰিপ্ৰেক্ষিতত এনেকুৱা ভুৱা তথ্যই ৰাজহুৱা শৃংখলা আৰু সুৰক্ষাৰ বাবে কিছু বিপদৰ সৃষ্টি কৰিব পাৰে, সেইগতিকে আমি তাৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছোঁ ।” লগতে তেওঁ উল্লেখ কৰে যে দীক্ষান্ত সমাৰোহৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে যিহেতু ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে শোভা বঢ়াব গতিকে তাৰ প্ৰয়োজনীয় সৰ্বোচ্চ পৰ্যায়ৰ নিৰাপত্তা আৰু সতৰ্কতা আৰম্ভ হৈ গৈছে ।
গুৱাহাটী বিশ্ববিদ্যালয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পবিত্ৰতা তথা সকলো অংশগ্ৰহণকাৰীৰ সুৰক্ষা যাতে ৰক্ষা হয় তাৰ বাবে অসম আৰক্ষী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে।