Close

এখন ছেলফীয়েই কাল হ’ল মাওবাদীৰ কামাণ্ডাৰ চেলাপথীৰ বাবে।

প্ৰিয়তমা পত্নীৰে উঠা এখন ছেলফীয়েই কাল হ’ল মাওবাদীৰ কামাণ্ডাৰ চেলাপথীৰ বাবে

বিশেষ প্ৰতিবেদন : প্ৰিয়তমা পত্নীৰ উঠা এখন ছেলফীয়েই কাল হ’ল মাওবাদীৰ কামাণ্ডাৰ চেলাপথীৰ বাবে । কেইবা দশক ধৰি আৰক্ষীৰ মূৰৰ কামোৰণি হৈ থকা এইগৰাকী দুৰ্ধৰ্ষ নক্সাল নেতাক কৰায়ত্ব কৰাৰ বাবে চৰকাৰে এক কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিবলৈ বাধ্য হৈছিল ।

২০০৮ বৰ্ষত উৰিষ্যাৰ নয়াগড় জিলাত অকস্মাতে আক্ৰমণ চলাই ১৩ জনকৈ নিৰাপত্তা বাহিনীৰ লোকক হত্যা কৰাৰ দৰে ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল এই চেলাপথী। আক্ৰমণৰ পূৰ্বে বৃহৎ গছ কাটি পথ ৰূদ্ধ কৰি নিৰাপত্তা বাহিনীৰ লোকক আক্ৰমণ কৰি হতভম্ব কৰি তুলিছিল চেলাপথীয়ে ।

উৰিষ্যা, ছত্তীশগড়ৰ ঘন জংঘলৰ মাজত আশ্ৰয় লৈ থকা এই চেলাপথীৰ কোনো শূংসূত্ৰই উলিয়াব পৰা নাছিল আৰক্ষীয়ে ।

দীৰ্ঘ দিন ধৰি চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰা এই চেলাপথী অৱশেষত ৰণত পৰিল প্ৰিয় পত্নীৰ সৈতে উঠা এখন ছেলফীৰ বাবেই ।

এই ছেলফীখনৰ সন্ধান পোৱা আৰক্ষীয়ে ইয়াৰ জড়িয়তে তেওঁৰ অৱস্থিতিৰ বিষয়ে জানিব পাৰে ।

ইয়াৰ পিছতে যোৱা সোমবাৰে নিশা অকস্মাতে অভিযান চলাই আৰক্ষীৰ সমন্বিত বাহিনীয়ে এই চেলাপথীৰ লগতে ১৩ জনকৈ মাওবাদীক নিহত কৰিবলৈ সক্ষম হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top