নতুন দিল্লী, ১ ফেব্ৰুৱাৰী ২০২৫: দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সংসদত চলিত বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে।
অষ্টম বাৰৰ বাবে তেওঁ দাখিল কৰা এই বাজেট অৱশ্যে সমাজবাদী পাৰ্টীকে ধৰি একাধিক বিৰোধী দলে বৰ্জন কৰে।
এই বাজেটত বিত্ত মন্ত্ৰী গৰাকীয়ে বাৰ্ষিক ১২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা লোকে কোনো ধৰণৰ আয় কৰ পৰিশোধ কৰিব নেলাগিব বুলি এক ইংগিত দি আয় কৰৰ বিতং তালিকা এসপ্তাহৰ ভিতৰত প্ৰকাশ কৰা হ’ব বুলি জনায়।
২০৪৭ বৰ্ষত বিকশিত ভাৰতৰ বাবে ৮ শতাংশ জি ডি পি বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে যদিও সেয়া এইবাৰ ৬ দশমিক ৩ ৰৈ পৰা ৬ দশমিক ৮ শতাংশ পৰিলক্ষিত হৈছে।
কেন্দ্ৰীয় বাজেটত অসমৰ বাবে অৱশ্যে এক সুখবৰ আছে।
নামৰূপৰ সাৰ কাৰখানাৰ উৎপাদন বাৰ্ষিক ১২ দশমিক ৭ লাখ মেট্ৰিক টন পৰ্যন্ত বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি দাখিল কৰা এই বাজেটৰ কেইটামান উল্লেখযোগ্য ঘোষণা হ’ল
দেশৰ চিকিৎসা ক্ষেত্ৰত অহা তিনি বছৰত স্নাতকোত্তৰ পৰ্যায়ত অতিৰিক্ত দহ হেজাৰ আসনৰ ব্যৱস্থা কৰা হ’ব।
অহা পাঁচ বছৰৰ ভিতৰত চিকিৎসা সেৱাৰ আৰু ৭৫ হেজাৰ আসন বৃদ্ধি কৰা হ’ব।
কেঞ্চাৰ তথা বিৰল ৰোগ প্ৰতিৰোধী ৩৬ টা জীৱন দায়িনী ঔষধক কৰমুক্ত কৰা হ’ব।
আন ৬ টা তেনে দৰৱত নামমাত্ৰ কৰ প্ৰয়োগ কৰা হ’ব।
দেশৰ প্ৰতিখন চৰকাৰী বিদ্যালয় আৰু চিকিৎসালয়ত ইণ্টাৰনেটৰে সংযোগ কৰা হ’ব।
ব্যক্তিগত খণ্ডৰ সহযোগত উদ্ভাৱনী প্ৰতিষ্ঠান মুকলি কৰাৰ বাবে বাজেটত ২০ হেজাৰ কোটি টকাৰ ব্যৱস্থা ৰখা হৈছে।
ৰাজ্য চৰকাৰৰ সহযোগত দেশৰ কৃষক সকলৰ কল্যাণৰ অৰ্থে পি এম ধনধন্যা কৃষি যোজনাৰ বিষয়ে ঘোষণা কৰা হয়।
মহিলা সকলৰ সামগ্ৰিক বিকাশৰ বাবে ৫ লাখ অনুসূচিত জাতি আৰু জনজাতিৰ মহিলালৈ ২ কোটি টকা পৰ্যন্ত ঋণ আগবঢ়োৱা হ’ব।
বিহাৰত নেচনেল ইন্সটিটিউট অৱ ফুড টেকনলজি প্ৰতিষ্ঠান গঢ়ি তোলা হ’ব।
গ্ৰাম্যাঞ্চলৰ অৰ্থনীতিক শক্তিশালী কৰাৰ লক্ষ্যেৰে ডেৰ লাখ নতুন ডাকঘৰ গঢ়ি তোলা হ’ব।