Close

অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা দিল্লী বিধান সভাৰ নিৰ্বাচনত ভোটদাতাক আকৃষ্ট কৰিবলৈ ৰাজনৈতিক দলৰ প্ৰতিশ্ৰুতিৰ বন্যা ।

০ নিৰ্বাচনক লৈ বতাহ গৰম হৈছে দিল্লী০

০ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে ৰাজনৈতিক দলে০

০ বিভ্ৰান্ত দিল্লীবাসী০

বিশেষ প্ৰতিবেদন : দেশৰ ৰাজধানী দিল্লীৰ ৰাজপাট দখলৰ প্ৰতিযোগিতাত নামিছে শাসনাধিষ্ঠিত আম আদমি পাৰ্টিৰ লগতে বিজেপি আৰু কংগ্ৰেছ দল ।

অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা দিল্লী বিধান সভাৰ নিৰ্বাচনত ভোটদাতাক আকৃষ্ট কৰিবলৈ এই দল সমূহে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে ।

এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কোনো এটা দলেই ।

প্ৰতিটো দলেই নিজকে অধিক জন দৰদী দেখুৱাবলৈ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

শাসনত বহি আম আদমি পাৰ্টিয়ে দিল্লীবাসীক দুশ ইউনিট পৰ্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ আগবঢ়াইছিল। দুশ ইউনিটতকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰোতাৰ বাবে ৫০ শতাংশ ৰেহাই প্ৰদান কৰা হৈছিল ।

এইবাৰ সেই একেই প্ৰতিশ্ৰুতি আগবঢ়াইছে বি জে পিয়ে। কংগ্ৰেছ দলে আকৌ এই পৰিমাণ ৩০০ ইউনিটলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

মহিলা ভোটাৰক সন্তুষ্ট কৰিবলৈ আম আদমি পাৰ্টিয়ে ৩ লাখ টকা বাৰ্ষিক উপাৰ্জন ক্ষম মহিলাৰ বেংক একাউণ্টত মাহে ২১০০ টকা জমা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে বিজেপি আৰু কংগ্ৰেছ দলে মাহে ২৫০০ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

স্বাস্থ্য সেৱা ক্ষেত্ৰত সকলো জ্যেষ্ঠ নাগৰিকক চৰকাৰী তথা বেচৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

বিজেপি দলে সকলো জ্যেষ্ঠ নাগৰিক আৰু দৰিদ্ৰজনলৈ দহ লাখ টকা স্বাস্থ্য বীমা আঁচনি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

কংগ্ৰেছে দিল্লীৰ সকলো বাসিন্দাৰ বাবে ২৫ লাখ টকা স্বাস্থ্য বীমা আঁচনি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

আম আদমি পাৰ্টিয়ে সকলো বয়োজেষ্ঠ নাগৰিকক ৬০ৰ পৰা ৬৯ লৈ ২০০০টকা আৰু ৭০ উৰ্ধৰ লোকক ২৫০০ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

বিজেপিয়ে এই ক্ষেত্ৰত ২৫০০ টকা আৰু ৩০০০ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

কংগ্ৰেছ দলে অৱশ্যে এই ক্ষেত্ৰত কোনো প্ৰতিশ্ৰুতি আগবঢ়োৱা নাই ।

আম আদমি পাৰ্টিয়ে দিল্লীৰ চৰকাৰী বাছত মহিলাৰ যাত্ৰা বিনামূলীয়া কৰি থৈছেই। এইবাৰ এইক্ষেত্ৰত ছাত্ৰসকলকো সামৰি লোৱাৰ লগতে মেট্ৰ যাত্ৰাৰ ব্যয় আধা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

বিজেপিয়ে সেই প্ৰতিশ্ৰুতি দোহাৰিছে যদিও কংগ্ৰেছ দল এই ক্ষেত্ৰত মৌন হৈ আছে ।

ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ বিজেপিয়ে ৫০০ টকাৰ ৰেহাই ঘোষণা কৰাৰ লগতে দৌল উৎসৱ আৰু দিপান্বিতাত বিনামূলীয়া চিলিণ্ডাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।
কংগ্ৰেছ দলে ৰেচন কাৰ্ড থকা সকলো লোককে ৫০০ টকা মূল্যত চিলিণ্ডাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।
আম আদমি পাৰ্টি এই ক্ষেত্ৰত মৌন হৈ আছে ।

ইয়াৰ উপৰিও ছোৱালীৰ বিবাহৰ সময়ত ১ লাখ টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে আম আদমি পাৰ্টিয়ে ।

বিজেপিয়ে গৰ্ভৱতী মহিলাক সন্তান জন্মৰ সময়ত ২১০০ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

নিবনুৱা যুৱক -যুৱতীলৈ ৮৫০০ টকাৰ ভাট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কংগ্ৰেছে ।

এনেকৈয়ে এতিয়া নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ জনসাধাৰণক আকৃষ্ট কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজনৈতিক দল সমূহে। ৰাজনৈতিক দল সমূহৰ এনে জনদৰদী আচঁনিৰ প্ৰকোপত বিভ্ৰান্ত হৈ পৰিছে দিল্লীবাসী।
ইয়াৰ মাজত দিল্লীৰ জনগণৰ ৰায়ত কোনটো দল লাভান্বিত হয় সেই কথা অহা ৮ ফেব্ৰুৱাৰীত হ’ব লগা ভোট গণনাতহে পৰিষ্কাৰ হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top