Close

চুবুৰীয়া দেশ বাংলাদেশৰ পৰা আহিছে আন এক উদ্বেগজনক সংবাদ

চৰিত্ৰ সলনি হ’ব বাংলাদেশৰ ০ সংবিধানত নেথাকিব ধৰ্ম নিৰপেক্ষ শব্দ ০ সংবিধান সংশোধনী সমিতিৰ প্ৰতিবেদন দাখিলhttps://fb.watch/xa4sI8phjl/

নিউজ ডেক্স – চুবুৰীয়া দেশ বাংলাদেশৰ পৰা আহিছে আন এক উদ্বেগজনক সংবাদ । পূৰ্বৰ দৰে ধৰ্ম নিৰপেক্ষ হৈ নেথাকিব বাংলাদেশৰ সংবিধান । বিগত বৰ্ষত শ্বেখ হাছিনাৰ চৰকাৰৰ উৎখাতৰ পিছত বাংলাদেশত মহম্মদ ইউনিছৰ নেতৃত্বত এখন তত্বাৱধায়ক চৰকাৰ গঠন কৰি দিয়া হৈছিল । ইয়াৰ পিছতে দেশখনৰ সংবিধান খন সময়ৰ লগত খাপ খোৱাকৈ প্ৰস্তুত কৰিবলৈ সংশোধনী আয়োগ এখন গঠন কৰি দিয়া হৈছিল ।

 

এই আয়োগে ইতিমধ্যে ইয়াৰ প্ৰতিবেদন তত্বাৱধায়ক চৰকাৰৰ ওচৰত দাখিল কৰিছে। সংশোধনী আয়োগে বাংলাদেশৰ সংবিধানৰ ব্যাপক সালসলনিৰ হকে মত প্ৰকাশ কৰিছে ।
আয়োগে বাংলাদেশৰ সংবিধানৰ পৰা ধৰ্ম নিৰপেক্ষতা, সমাজবাদী আৰু জাতীয়তাবাদ শব্দ প্ৰত্যাহাৰৰ পৰামৰ্শ আগবঢ়াইছে। ১৯৭২ ৰ গণ উত্থানৰ পিছত যি চাৰিটা মূল আদৰ্শ বাংলাদেশৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল তাৰ ভিতৰত একমাত্ৰ গণতান্ত্ৰিক শব্দটোহে ৰখাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।


নেচনেল এছেম্বলী আৰু ছিনেট নামৰ দুই তৰপীয়া সদনৰ হকে মত প্ৰকাশ কৰা আয়োগে ইয়াৰ কাৰ্যকাল চাৰি বছৰীয়া কৰাৰ পৰামৰ্শ আগবঢ়াইছে। এই আয়োগে বাংলাদেশৰ মূৰব্বী অৰ্থাৎ প্ৰধান মন্ত্ৰী গৰাকী সৰ্বাধিক দুটা কাৰ্যকালৰ সময় সীমা নিৰ্ধাৰণ কৰিবলৈকো পৰামৰ্শ আগবঢ়াইছে।

চুবুৰীয়া দেশ বাংলাদেশৰ এই গতি বিধি ভাৰতৰ বাবে চিন্তাজনক হোৱাৰ আশংকা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top