Close

দেশৰ ১৪ ৰাজ্যৰ চহকী লোক পৰম্পৰাগত সংগীত-নৃত্যৰে মুখৰ শিল্পগ্ৰাম

শিল্পগ্ৰাম মহোৎসৱ ২০২৫
দেশৰ ১৪ ৰাজ্যৰ চহকী লোক পৰম্পৰাগত সংগীত-নৃত্যৰে মুখৰ শিল্পগ্ৰাম

নিউজ ডেক্স : ২০ সংখ্যক শিল্পগ্ৰাম মহোৎসৱ-২০২৫ আজিৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ(এন.ই.জেড.চি.চি.)ৰ উদ্যোগত আজিৰে পৰা ২১ জানুৱাৰীলৈ ২০২৫ লৈ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম চৌহদত-শিল্পগ্ৰাম মহোৎসৱ অনুষ্ঠিত হ’ব ।

বাৰেৰহনীয়া লোক, পৰম্পৰাগত আৰু শাস্ত্ৰীয় সংগীত-নৃত্য সমাহাৰে পাঁচদিনীয়া অনুষ্ঠানসূচীৰ আজি বিয়লি ৫ বজাত ৰয়েল ভূটানৰ কনছুল জেনেৰেল জিগমে থিনল্যে নামগ্যাল আৰু পদ্মশ্ৰী গুৰু যতীন গোস্বামী আৰু বিশিষ্ট নাগৰিকৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শুভ শিল্পগ্ৰাম মহোৎসৱৰ পাঁচদিনীয়া কাৰ্যসূচীৰ ।

নাগাৰা নাম আৰু যুৱ শিল্পী মৃন্ময়ী চেতিয়াৰ বৰগীত পৰিৱেশনেৰে মুকলি কৰা অনুষ্ঠানত আঠভনী ৰাজ্যৰ লগতে ভাৰত বৰ্ষৰ ১৪ খন ৰাজ্যৰ লোক সাংস্কৃতিক শিল্পীৰ দলৰ লোক-কলা-কুশলীয়ে ‌ভাৰতৰ নৃত্য ঐতিহ্য পৰিৱেশন কৰে। এন.ই.জেড.চি.চি. সঞ্চালক ডা: প্ৰসন্ন গগৈয়ে সংৰচনা কৰা ১ঘন্টীয়া এক নৃত্যানুষ্ঠানত মণিপুৰৰ বসন্ত ৰাস, অসমৰ শাস্ত্ৰীয় সত্ৰীয়া নৃত্য, ত্ৰিপুৰাৰ হোজাগিৰি, তেলেংগানাৰ মাথুৰী, নাগালেণ্ডৰ আনঝান্টা, অসমৰ দাওশ্ৰী দেলাই, পঞ্জাৱৰ জিন্দুৱা-ভাংৰা , অৰুণাচল প্ৰদেশৰ ৰিখামপাদা আৰু জু-জু -জা-জা, গুজৰাটৰ তলৱাৰ ৰাস, মিজোৰামৰ চেৰৌ, মধ্যপ্ৰদেশৰ বাধাই, মেঘালয়ৰ ৱাংগালা, হাৰিয়ানাৰ ফাগ, অসমৰ বিহুনাচ, ওড়িশাৰ সম্বলপুৰী নৃত্য, ছিকিমৰ সিংঘী ছাম, মণিপুৰৰ পৰা অহা শিল্পীৰ দলে চেৰ’ল জাগৈ আৰু থাংটা নৃত্য পৰিৱেশনেৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top