Close

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ

আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ, মেচৰ পূৰ্বে ছাৰা আলী খানৰ অনুষ্ঠান । ড্ৰোণ শ্ব’ৱে দিব চমক

খেল আৰম্ভ হোৱাৰ এঘণ্টা পূৰ্বে সন্ধিয়া ৬.৩০ বজাত ছাৰা আলী খানে পৰিবেশন কৰিব নিজৰ অনুষ্ঠান । দেওবাৰৰ সন্ধিয়াটো এক স্মৰণীয় মুহূৰ্ত হৈ ৰ’ব বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকসকলৰ বাবে।

স্প’ৰ্টছ ডেস্ক : ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ পিছত আজি গুৱাহাটীত চেন্নাই ছুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ হাইভ’ল্টেজ মেচ। গুৱাহাটীত অনুষ্ঠিত আইপিএলৰ প্ৰথমখন মেচত ৰাজস্থানৰ বিৰুদ্ধে জয়লাভ কৰিছিল কলকাতাই। হায়দৰাবাদৰ বিৰুদ্ধে খেলা মেচত ৰাজস্থানে ইতিমধ্যে পৰাজয় বৰণ কৰিছে । দলীয় হিচাপে আইপিএল ২০২৫ত ৰাজস্থানৰ হ’ব এইখন তৃতীয়খন খেল । ইফালে ছিজনৰ প্ৰথমখন খেলত মুম্বাইৰ বিৰুদ্ধে জয় লাভ কৰিলেও বাংগালুৰুৰ বিৰুদ্ধে আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈছিল চেন্নাই । সেয়ে এই খেলখন অধিক আকৰ্ষণীয় হ’ব । গুৱাহাটীৰ বৰ্ষাপাৰাত দ্বিতীয়খন মেচৰ বাবে এতিয়া উৎকণ্ঠাৰে বাট চাইছে ক্ৰিকেট অনুৰাগীসকলে ।

গুৱাহাটীত ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ আৰু চেন্নাই ছুপাৰ কিংছৰ হাইভ’ল্টেজ মেচৰ পূৰ্বে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বলীউদৰ অভিনেত্ৰী ছাৰা আলী খানে। খেলৰ সমান্তৰালভাৱে প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ’ব ড্ৰোণ শ্ব’। এক মায়াময় পৰিৱেশৰ সাক্ষী হ’ব ক্ৰীড়াপ্ৰেমীসকল।

মেচখন আৰম্ভ হোৱাৰ ঠিক এঘণ্টা পূৰ্বে সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ’ব ছাৰা আলী খানৰ অনুষ্ঠান । ইতিমধ্যে শণিবাৰে ছাৰা আলী খান উপস্থিত হৈছেহি গুৱাহাটীত । বৰঝাৰ বিমানবন্দৰত ছাৰা আলী খানক উষ্ম আদৰণি তেওঁৰ অনুগামীসকলৰ ।

খেলখনৰ বাবে শণিবাৰে গুৱাহাটীত উপস্থিত হয়হি চেন্নাই ছুপাৰ কিংছৰ দল । দলৰ সমান্তৰালভাৱে গুৱাহাটীত ইতিমধ্যে উপস্থিত হৈছেহি মহেন্দ্ৰ সিং ধোনি । বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে ধোনিক চাবলৈ হেতা-উপৰা ধোনি প্ৰেমীৰ । গুৱাহাটীতে আছে ৰাজস্থান ৰয়েলছ দলটো । ইফালে, বৰ্ষাপাৰা ষ্টেডিয়ামত মহেন্দ্ৰ সিং ধোনীৰ খেল চাবলৈও অতি উৎকণ্ঠাৰে অপেক্ষা কৰিছে ক্ৰিকেটপ্ৰেমীসকলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top