আই এছ এলত আজাৰাইৰ অভিলেখ
জয়ৰে নৰ্থ ইষ্ট ইউনাইটেডৰ উত্তৰণ
জামছেদপুৰ এফ চি – ০, নৰ্থ ইষ্ট ইউনাইটেড – ২
স্প’ৰ্টছ ডেস্ক : আই এছ এলত আৰু এটা অভিলেখ গঢ়ি নৰ্থ ইষ্ট ইউনাইটেডক চমকপ্ৰদ বিজয় দিলে আলাউদ্দিন আজাৰায়ে ৷ আজি জামছেদপুৰত অনুষ্ঠিত প্লে-অফৰ সমিকৰণৰে এখন গুৰুত্বপূৰ্ণ মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ২-০ গ’লত পৰাস্ত কৰে জামছেদপুৰ এফ চিক ৷
নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ দূয়োটা গ’ল দিয়ে মৰক্কোৰ ষ্ট্ৰাইকাৰ আজাৰায়ে ৷ অৱশ্যে পেনাল্টি গ’ল কৰিব নোৱাৰি হেট্ৰিক অৰ্জনৰ পৰা বঞ্চিত হয় আজাৰাই ৷ কিন্তু আই এছ এলত এটা ছিজনত সৰ্বাধিক গল কৰাৰ অ’গবেচে আৰু ক’ৰোমিনাছৰ অভিলেখ ভংগ কৰে আজাৰায়ে ৷
ক্ৰমাগত আঠখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডৰ এই সাফল্যৰ যাত্ৰা ছিলঙত খেলা অন্তিম মেচত মুম্বাই চিটীৰ বিৰুদ্ধে পৰাজয়ৰ লগে লগে সমাপ্ত হৈছিল ৷ আজি দলে নতুন আশাৰে খেলপথাৰত নামি ছয় মিনিটতে গ’ল কৰিবলৈ সক্ষম হয় ৷
আজাৰায়ে সতীৰ্থ থৈ সিঙৰ সহায়ত প্ৰথমটো গ’ল কৰি দলক অগ্ৰগতি দিয়াৰ লগতে নতুন অভিলেখ গঢ়ে ৷ উল্লেখ্য যে, আই এছ এলত এটা ছিজনত ১৮ টা গল কৰি সৰ্বাধিক গ’ল কৰাৰ অভিলেখ গঢ়িছিল অ’গবেচে আৰু ক’ৰোমিনাছে ৷ আজি আজাৰায়ে প্ৰথমটো গল কৰি সেই অভিলেখ ভংগ কৰে ৷
আনহাতে, খেলৰ ৮১ মিনিটত আজাৰয়ে লীগত ২০ নম্বৰ গ’লটো কৰি দলৰ বিজয় নিশ্চিত কৰি দিয়ে ৷ এই জয়ৰে নৰ্থ ইষ্ট ইউনাইটেডে ২১ খন মেচত ৩২ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানলৈ উত্তৰণ কৰি লীগ ডাবল সম্পূৰ্ণ কৰিলে নৰ্থ ইষ্ট ইউনাইটেডে ৷ ইয়াৰপূৰ্বে গুৱাহাটীতো দলে ৩-০ গ’লত জামছেদপুৰৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৷
ইফালে, জামছেদপুৰ দলে লীগত ২০ খন খেলৰ পৰা ৩৪ পইণ্ট লাভ কৰি বৰ্তমানৰ তৃতীয় স্থানতে আছে ৷ গৃহভূমিত জামছেদপুৰৰ এয়া তৃতীয় পৰাজয় ৷ পূৰ্বে ঘৰত দলে ১০ খন খেলৰ ভিতৰত আঠখন খেলতে জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছিল ৷ কিন্তু আজাৰাইৰ আক্ৰমনৰ সন্মুখত জামছেদপুৰৰ ৰক্ষণ বিভাগে আত্মসমৰ্পন কৰে ৷ আজিৰ জয়ৰে নৰ্থ ইষ্ট ইউনাইটেডে প্লে-অফৰ যোগ্যতাৰ দিশে আগবাঢ়িছে ৷
নৰ্থ ইষ্ট ইউনাইটেডে পৰবৰ্তী মেচখন পুনৰ ছিলঙত খেলিব ৷ অহা ২১ ফেব্ৰুৱাৰীত দলে বেংগালুৰু এফ চিৰ মুখামুখি হ’ব ৷ ইফালে, জামছেদপুৰ দলে মহমেদান স্প’ৰ্টিঙৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অংশ ল’ব ৷ এই মেচখন কলকাতাত অহা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ৷