অসমৰ নিভাঁজ মাটি-পানীৰ গোন্ধ থকা অনুপম যাদুকৰী কণ্ঠৰে প্ৰজন্মৰ পাছত প্ৰজন্মক মোহাচ্ছন্ন কৰি অহা শিক্ষাবিদ তথা সংগীত শিল্পী ড° অনিমা চৌধুৰী আৰু প্ৰখ্যাত লোকশিল্পী শ্ৰীমুকুল ৰাভালৈ ২০২৫ বৰ্ষৰ শিল্পী বঁটা ।
ৰেবা ফুকনলৈ ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা, হীৰা নেওগলৈ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে ভীমবৰ দেউৰী বঁটা ।
নিউজ ডেক্স – ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ শিল্পী বঁটা । ৰাজ্য চৰকাৰে ঘোষণা কৰা ২০২৫ বৰ্ষৰ শিল্পী বঁটাৰ বাবে মনোনীত কৰা হৈছে ৰাজ্যৰ দুগৰাকীকৈ স্বনামধন্য ব্যক্তিৰ নাম । শিল্পী বঁটাৰ বাবে মনোনীত হৈছে প্রথিতযশা কণ্ঠশিল্পী ড° অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী শ্ৰীমুকুল ৰাভা । অহা ১৭ জানুৱাৰীত শিল্পী দিৱসৰ দিনা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত কেন্দ্রীয়ভাৱে আয়োজিত শিল্পী দিৱসৰ অনুষ্ঠানত শিল্পীদ্বয়ক ২০২৫ বৰ্ষৰ শিল্পী বঁটাৰে সন্মানিত কৰা হ’ব ।
একেটা অনুষ্ঠানতে অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান যোগাই অহা তিনিগৰাকী বৰেণ্য ব্যক্তিকো তিনিটা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ’ব। ২০২৪ নটসূর্য ফণী শৰ্মা বঁটাৰ বাবে বিশিষ্ট অভিনেত্রী ৰেবা ফুকনক, সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকা বঁটাৰ বাবে বিশিষ্ট অভিনেত্রী হীৰা নেওগক আৰু ভীমবৰ দেউৰী বঁটাৰ বাবে বিশিষ্ট সমাজকর্মী জলেশ্বৰ ব্ৰহ্মক মনোনীত কৰা হৈছে ।
প্ৰতিটো বঁটাত আছে দুই লাখ টকাৰ নগদ ধনৰ লগতে প্ৰশস্তি পত্ৰ আৰু অংগ বস্ত্ৰ ।
এইখিনিতে জানো আহক কণ্ঠশিল্পী ড° অনিমা চৌধুৰী, বিশিষ্ট লোকশিল্পী শ্ৰীমুকুল ৰাভা, বিশিষ্ট অভিনেত্রী ৰেবা ফুকন, বিশিষ্ট অভিনেত্রী হীৰা নেওগ, বিশিষ্ট সমাজকর্মী জলেশ্বৰ ব্ৰহ্মৰ বিষয়ে কিছু কথা-
ড° অণিমা চৌধুৰী – জনপ্ৰিয় কণ্ঠশিল্পী ড° অণিমা চৌধুৰীৰ জন্ম হৈছিল ১৯৫৩ চনৰ ২৮ ফেব্ৰুৱাৰীত, নলবাৰীত । তেওঁ মুকুতা, পুতলা ঘৰ, প্ৰেম জনমে জনমে, অৰণ্যকে আদি কৰি অসমীয়া আৰু বাংলা কথাছবিৰ গীতত কণ্ঠদান কৰিছে । আকাশবাণী আৰু দূৰদৰ্শনৰ ‘এ’ গ্ৰেড স্বীকৃতিপ্ৰাপ্ত শিল্পীগৰাকীয়ে আধুনিক গীতৰ লগতে বিহু গীত, বনগীত, টোকাৰী গীত, বিয়ানাম, জ্যোতি সংগীত, ৰাভা সংগীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত আদিৰ কুৰিৰো অধিক শ্ৰব্য এলবামত নিজৰ কণ্ঠ নিগৰাইছে ।
মুকুল ৰাভা – লোকশিল্পী মুকুল ৰাভাৰ জন্ম ১৯৫৫ চনৰ ১ ডিচেম্বৰত । ‘ৰাভা চায় পিদান’ শীৰ্ষক ৰাভা আধুনিক গীতৰ প্ৰথমটো শ্ৰব্য কেছেটৰ লগতে তেওঁ ‘বায়চিংকিয়া’, ‘আঘোণৰ পথাৰতে’, ‘সমন্বয়ৰ সুৰ’ আৰু ‘লামদানি পাথাৰি’ আদি লোকসংগীতৰ শ্ৰব্য কেছেটত কণ্ঠ দিয়াৰ লগতে সংগীত পৰিচালনা কৰিছে । ‘ৰাভা লোকসংগীতৰ সংকলন’, ‘লোক-সংস্কৃতিৰ সুবাস বিছাৰি’, ‘ৰাভা লোক-কৃষ্টিৰ বিকাশৰ কিছু চিন্তা’, ‘লোক-কৃষ্টিৰ দাপোনত যেন সমন্বয়ৰ ছবি’ আৰু ‘লোক-কৃষ্টিৰ পথাৰে পথাৰে’ আদি গ্ৰন্থৰে তেওঁ অসমৰ সাহিত্য-সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰিছে ।
ৰেবা ফুকন – ১৯৫৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্ম সুদক্ষ অভিনেত্ৰী ৰেবা ফুকনে বৰ্তমানলৈকে ‘আৱাহন’, ‘কহিনুৰ’, ‘অপূৰ্ব’, ‘মুকুন্দ’ আদি কেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অপেচাদাৰী গোষ্ঠীৰ নাটকত অভিনয় কৰিছে । তেওঁ ‘ভাবনা’, ‘আলি-দোমোজাত’, ‘মাজনিশাৰ চিঞৰ’, ‘সৰাপাতত বসন্ত’ আৰু ‘নাৰিকলৰ পিঠা’ আদি নাট পৰিচালনাও কৰিছে । ইয়াৰ উপৰিও তেখেতে ‘এন্টনী মোৰ নাম’, ‘ৰে’লৰ আলিত দূবৰি বন’, ‘জখম’, ‘প্ৰিয়া অ’ প্ৰিয়া’, ‘ত্যাগ’, ‘কণিকাৰ ৰামধেনু’, ‘মাঘত মামণিৰ বিয়া’, ‘উজনিৰ দুজনী গাভৰু’, ‘মা তুমি অন্যন্যা’ ইত্যাদি অনেক অসমীয়া কথাছবিত অভিনয়ো কৰিছে ।
হীৰা নেওগ – বিশিষ্ট অভিনেত্ৰী হীৰা নেওগৰ জন্ম ১৯৬২ চনৰ ২৭ অক্টোবৰত । ‘অসম ষ্টাৰ থিয়েটাৰ’, ‘আৱাহন’ ‘কহিনুৰ’ আৰু ‘হেঙুল’ আদি ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ এক পৰিচিত শিল্পী হীৰা নেওগ । ‘দেউতা’, ‘মাটিৰ গাড়ী’, ‘শ’ৰাগুৰি চাপৰি’, ‘অসীমত যাৰ হেৰাল সীমা’, ‘বাঘজাল’, ‘ক্লিঅ’পেট্ৰা’, ‘আইৰ চকুলো’, ‘শংকৰদেৱ’, ‘কবৰ আৰু কংকাল’, ‘মুখ্যমন্ত্ৰী’, ‘মৃত্যুঞ্জয়’, ‘মহানদী গংগা’ আদি বহু মঞ্চ নাটকত শিল্পীগৰাকীয়ে অভিনয় কৰিছে । ‘শ্ৰীমন্ত মহিমাময়ী’, ‘উপ-পথ’, ‘শেৱালি’, ‘এই দেশ মোৰ দেশ’, ‘শেষ উপহাৰ’, ‘উজনিৰ দুজনী গাভৰু’, ‘গৰম বতাহ’, ‘মন ৰিচাং’ আদি হৈছে তেওঁ অভিনয় কৰা অসমীয়া বোলছবি ।
জলেশ্বৰ ব্ৰহ্ম – বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মৰ জন্ম ১৯৪৫ চনৰ ১ অক্টোবৰত । ডিমা হাছাও, কাৰ্বি আংলং আৰু বিটিআৰ আদি অঞ্চলত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ অৱসান ঘটাই বিভিন্ন ভাষা-ধৰ্মৰ লোকসকলৰ মাজত একতা স্থাপনত সমাজসেৱী গৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । তেওঁ বড়ো ভাষাৰ বাবে দেৱনাগৰী লিপিৰ প্ৰসাৰৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে । সদৌ অসম ব্ৰহ্মধৰ্ম সভা, বড়ো সাহিত্য সভা, অসম কল্যাণ আশ্ৰম আৰু অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰম আদি অনুষ্ঠানৰ জৰিয়তে তেখেতে সমাজৰ হকে সেৱা আগবঢ়াই আহিছে ।