Close

ৰহাত খহনীয়া প্ৰতিৰোধী কাম আৰু বঢ়মপুৰত দুটাকৈ নতুন মথাউৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ

ৰহাত খহনীয়া প্ৰতিৰোধী কাম আৰু বঢ়মপুৰত দুটাকৈ নতুন মথাউৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে আৰু বিগত সময়ত যথেষ্ট সফলতা লাভ কৰিছেঃ মন্ত্ৰী হাজৰীকা

নিউজ ডেক্স – অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই নগাঁও জিলা ভ্ৰমণ কৰি ৰহা বিধানসভা সমষ্টিত লোকনিৰ্মাণ বিভাগৰ এটা খহনীয়া প্ৰতিৰোধী প্ৰকল্প আৰু বঢ়মপুৰ সমষ্টিত দুটাকৈ নতুন মথাউৰিৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে । উল্লেখ্য যে বিগত বানৰ সময়ত কপিলী নৈৰ ব্যাপক খহনীয়াৰ ফলত ৰহা-কামপুৰ সংযোগী পথটোৰ বগলাজান অঞ্চলত যথেষ্ট ক্ষতিসাধন হৈছিল। লোকনির্মাণ বিভাগৰ অধীনত ১৭.৮৪ কোটি টকাৰ পুঁজিৰে কপিলী নৈৰ খহনীয়া প্ৰতিৰোধী কামৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হাজৰীকাই ।

পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে বঢ়মপুৰ সমষ্টিৰ অধীনৰ কামপুৰত উপস্থিত হৈ মুঠ তিনিটা আধাৰশিলা স্থাপন কৰে । বঢ়মপুৰ সমষ্টিত বান সমস্যা সমাধানৰ উদ্দেশ্যৰে ইতিপূৰ্বে জলসম্পদ মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দি ৰখা অনুসৰি আজি কপিলী নৈৰ বাঁওপাৰে গাৰোখুন্দা আৰু বৰচুঙৰ পৰা চাংচকীলৈ আৰু নিশাৰী নৈৰ বাঁওপাৰে গৰুবন্ধাৰ পৰা মাজৰআটি গাঁৱলৈ দুটাকৈ নতুন মথাউৰি নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰে | লগতে আজিৰ ভ্ৰমণকালতে মন্ত্ৰীগৰাকীয়ে বিধায়ক জিতু গোস্বামীৰ সৈতে চাপানলা চাহ বাগিচাত অসমৰ চাহ জনগোষ্ঠীৰ সামাজিক, সাংস্কৃতিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনিৰ অন্তৰ্গত ‘জগন্নাথ ৰাজহুৱা ভৱন আৰু দক্ষতা বিকাশ কেন্দ্ৰ’ৰো আধাৰশিলা স্থাপন কৰে ।

কামপুৰত এখন সভাত স্থানীয় ৰাইজক উদ্দেশ্যি ৰখা বক্তব্যত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিগত চাৰে তিনিটা বছৰৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক জলসম্পদ বিভাগৰ দায়িত্ব প্ৰদান কৰাৰ পাছৰে পৰা মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে আন্তৰিকতাৰে কাম কৰি আহিছে । এই সময়চোৱাত ৰাজ্য চৰকাৰে কৰি থকা আন্তৰিক প্ৰয়াসবোৰৰ বাবেই চৰকাৰে বিগত সময়ত ৰাজ্যখনৰ বান আৰু খহনীয়াৰ প্ৰকোপ যথেষ্ট পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । বিগত দুটা দিনত মন্ত্ৰীগৰাকীয়ে ধেমাজি জিলাৰ জোনাই, মাজুলী, গোলাঘাট আৰু নগাঁৱত ৫ টাকৈ নতুন মথাউৰিৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা বুলি মন্তব্য কৰি কয় যে এই দিনকেইটাতে ৰাজ্যখনত ৩৬ টাকৈ নতুন মথাউৰিৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে এনেদৰে একেটা সময়তে ৩৬ টাকৈ নতুন মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ সক্ষম হোৱা বাবে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ মন্ত্ৰী হিচাপে যথেষ্ট সুখী হোৱা বুলি মন্তব্য প্ৰকাশ কৰে ।

আনহাতে ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই, অৰুণোদয় আঁচনি আদিৰ জড়িয়তে ৰাজ্যৰ মহিলাসকলক সকাহ দি অহা বুলি মন্তব্য কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে প্ৰতি মূহুৰ্ততে ৰাজ্যৰ সৰ্বাংগীন উন্নতিৰ বাবে কাম কৰি আহিছে । ডেৰ লাখ যুৱক-যুৱতীক নিকা নিযুক্তিৰে চৰকাৰী চাকৰিত নিযুক্তি দিয়াকে ধৰি চৰকাৰখনে বিশ্ববিদ্যালয় নিৰ্মাণ, চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, ভূমিৰ সমস্যাৰ নিষ্পত্তিকৰণকে ধৰি জনকল্যাণমূলক কামৰ জড়িয়তে অসমক দেশৰ শীৰ্ষ ৫ খন উন্নত ৰাজ্যলৈ উন্নীত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে | কৃষকৰ পৰা আৰম্ভ কৰি নিবনুৱা যুৱক যুৱতী সকলো পৰ্যায়ৰ নাগৰিকেই বৰ্তমানৰ চৰকাৰৰ দিনত সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে ৰহা বিধানসভা সমষ্টিৰ ৰাইজৰ সৈতে আবেগিকভাৱে জড়িত হৈ থকাৰ কথা উল্লেখ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক উদ্দেশ্যি কয় যে মন্ত্ৰী-বিধায়ক হৈ নাথাকিলেও তেওঁ ৰহা অথবা বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ উন্নয়নৰ বাবে সদায়ে কাম কৰি যাব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top