০ বাংলাদেশত মৌলবাদীৰ উত্থান ০ আতংকিত বিনিয়োগকাৰী ০ স্থবিৰ হৈ পৰিছে অৰ্থনীতি ০
বিশেষ প্ৰতিবেদন : অত্যাধিক ধৰ্মীয় গোড়ামীয়ে অশনি সংকেত কঢ়িয়াই আনিছে বাংলাদেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ । ফলত ক্ৰমাৎ নৈৰাশ্যৰ গ্ৰাসত পৰিছে দেশখনৰ শুভাকাংখ্যী সকল । বিগত বৰ্ষত শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতন ঘটাৰে পৰা বাংলাদেশত বৃদ্ধি পাইছে ধৰ্মীয় গোড়ামী। উৎফুল্লিত হৈ পৰিছে মৌলবাদী শক্তিসমূহ । কিন্তু ইয়াৰ বিপৰীতে নৈৰাশ্যই গ্ৰাস কৰিছে বাংলাদেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনক ।
শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশৰ অৰ্থনীতিয়ে এক বিশেষ গতি লাভ কৰিছিল আৰু জিডিপিৰ ক্ষেত্ৰত দেশখনে ভাৰতৰ সৈতে প্ৰতিযোগিতাত নামি পৰিছিল । বাংলাদেশৰ জিডিপিয়ে ৭.৯ শতাংশৰ ঘৰো অতিক্ৰম কৰিছিল । ভাৰত, ইণ্ডোনেছিয়া আদিকে ধৰি আন ৩৬ খন দেশৰ সৈতে বাংলাদেশৰ অৰ্থনীতি মিডল ইনকামৰ শাৰীলৈ উত্তৰণ ঘটাবলৈ সক্ষম হৈছিল । কিন্তু শ্বেখ হাছিনাৰ পতনৰ পিছৰে পৰা বাংলাদেশৰ অৰ্থনীতি যেন থমকি ৰৈছে ।
বস্ত্ৰ শিল্প বাংলাদেশৰ অৰ্থনীতিৰ মূল চালিকা শক্তি । সেই বস্ত্ৰ শিল্পৰ ক্ষেত্ৰখন এতিয়া প্ৰায় স্থবিৰ হৈ পৰিছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি হাবাথুৰি খাব লগা হৈছে ।
বিশ্ব বেংকৰ তথ্য অনুসৰি দেশখনৰ জিডিপি বৰ্তমান ইয়াৰ অৰ্ধেকলৈ অৱনমিত হৈছে। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ তথ্য মতে বাংলাদেশৰ জিডিপিৰ হাৰ বৰ্তমান ৩.৮ শতাংশ ।
দুয়োটা সংস্থাৰ মতে এয়া যথেষ্ট হতাশজনক । বাংলাদেশৰ ধৰ্মীয় গোড়ামীয়ে বিনিয়োগকাৰী সকলক আতংকিত কৰি তুলিছে । ফলত ইয়াৰ কুফল পৰিছে দেশখনৰ অৰ্থনীতিত । সংস্থা দুটাৰ মতে এই স্থবিৰতা অব্যাহত থাকিলে খুব সোনকালেই পাকিস্তান, শ্ৰীলংকাৰ দৰেই বাংলাদেশেও গুৰুতৰ বিত্তীয় সংকটৰ সন্মুখীন হ’ব লাগিব ।
সময় থাকোঁতেই যদিহে দেশখনৰ কাণ্ডাৰী সকলে বাংলাদেশৰ অৰ্থনীতি গতিশীল কৰাত মনোনিৱেশ নকৰে তেন্তে দেশখন যে বিপৰ্যয় প্ৰায় অনিবাৰ্য ।
সবিশেষ https://fb.watch/xoxP8vxKIZ/