কলকাতাত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক প্রদর্শনী ‘ইণ্ডপ্লাছ ২৫’
নিউজ ডেক্স : আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক প্রদর্শনী ‘ইণ্ডপ্লাছ ২৫’ৰ দশম সংস্কৰণ ২৮ ফেব্রুৱাৰীৰ পৰা ৩ মার্চলৈ কলকাতাত অনুষ্ঠিত কৰা হ’ব। এই উপলক্ষে গুৱাহাটীৰ হোটেল ভিভান্তাত আয়োজন কৰা এক অনুষ্ঠানত অংশগ্রহণ কৰি ইণ্ডপ্লাছ ২৫ৰ অধ্যক্ষ অশোক জাজোদিয়াই কয় ইন্ডিয়ান প্লাষ্টিক ফেডাৰেচন চমুকৈ আই পি এফৰ উদ্যোগত অনুষ্ঠিত এই প্রদর্শনীখন ও পূব ভাৰতৰ প্লাষ্টিক উদ্যোগৰ বাবে নির্দিষ্ট বিটুবি ইভেন্টৰ সর্ববৃহৎ হ’ব বুলি আশা কৰা হৈছে। এই প্রদর্শনীৰ লক্ষ্য হৈছে প্রস্তুতকাৰী, যোগানকাৰী আৰু উদ্ভাৱককে ধৰি সমগ্র উদ্যোগৰ অংশীদাৰসকলক একত্রিত কৰি প্লাষ্টিক উৎপাদন, প্রক্রিয়াকৰণ আৰু পুনঃব্যৱহাৰ প্ৰযুক্তিৰ নতুন সুযোগ আৰু উন্নতি সন্ধান কৰা। অধ্যক্ষগৰাকীয়ে কয়-ইণ্ডপ্লাছ ২৫ৰ লক্ষ্য হৈছে এই খণ্ডৰ উদ্যোগী আৰু অংশীদাৰসকলৰ মাজত সজাগতা সৃষ্টি আৰু অংশগ্রহণক উৎসাহিত কৰা। তেওঁ লগতে উল্লেখ কৰে যে প্ৰদৰ্শকসকলৰ মাজত উৎসাহৰ সৃষ্টি হৈছে, অনলাইন পঞ্জীয়ন মুকলি হোৱাৰ মাত্র ৪৫ দিনৰ ভিতৰতে সকলো উপলব্ধ স্থান বুকিং কৰা হৈছে। যন্ত্রপাতি, কেঁচামাল, আনুষংগিক সেৱা, সংযোজক আৰু মাষ্টাৰবেচৰ ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় নির্মাতা প্রতিষ্ঠানসমূহে তীব্র সঁহাৰি জনাইছে। টাইৱান, চীন, মালয়েছিয়া, ভিয়েটনাম, থাইলেণ্ড, জার্মানী আৰু আমেৰিকাকে ধৰি দহখনতকৈও অধিক দেশৰ প্রদর্শকসকলে ইতিমধ্যে নিজৰ অংশগ্রহণ নিশ্চিত কৰিছে। অসমৰ ব্ৰহ্মপুত্র গেছ এণ্ড ক্রেকাৰ লিমিটেড, পশ্চিমবংগৰ হালদিয়া পেট্র’কেমিকেলছ লিমিটেড আৰু ওড়িশাৰ ইন্ডিয়ান অইল কর্প’ৰেচন লিমিটেডৰ দৰে প্রধান পেট্র’কেমিকেল উৎপাদক কোম্পানীসমূহে উদ্যোগটোলৈ কেঁচামাল যোগান ধৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ সম্ভাবনা আছে। চাৰিদিনীয়া এই অনুষ্ঠানত ৪০০ৰো অধিক প্রদর্শকে অংশগ্রহণ কৰিব আৰু ১.৫ লাখৰো অধিক দৰ্শনাৰ্থী অহাৰ সম্ভাৱনা আছে ।