০ফ্ৰান্স আৰু আমেৰিকা অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী০
০দুয়োখন দেশৰে সম্পৰ্ক উন্নত কৰিবলৈ আশাবাদী মোডী০
নিউজ ডেস্ক : ফ্ৰান্স আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে থকা সৌহাৰ্দপূৰ্ণ সম্পৰ্ক অধিক দৃঢ় কৰাৰ যত্ন কৰা হ’ব । আজি পেৰিছ অভিমুখে ৰাওনা হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা প্ৰকাশ কৰে । প্ৰধান মন্ত্ৰীয়ে কয় যে ফ্ৰান্সত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ সৈতে এ আই শীৰ্ষ সন্মিলনত অংশ গ্ৰহণ কৰিব ।
ইয়াৰ উপৰিও তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে মাৰ্ছাইলত ভাৰতৰ কনছুলেট কাৰ্যালয় এটাও মুকলি কৰিব । এই ভ্ৰমণ কালত দুয়োগৰাকী নেতাই পাৰস্পৰিক সম্পৰ্ক উন্নত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিব । ফ্ৰান্স ভ্ৰমণৰ অন্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ব মাৰ্কিন যুক্তৰাষ্ট্ৰত । ইয়াতো তেওঁ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ হকে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে একাধিক বিষয়ত আলোচনাত মিলিত হ’ব । প্ৰধান মন্ত্ৰীয়ে কয় যে ট্ৰাম্পৰ সৈতে মিলি ভাৰত – আমেৰিকাৰ সম্পৰ্ক অধিক গতিশীল কৰিব পৰা যাব বুলি তেওঁ আশাবাদী ।
অৱশ্যে শেহতীয়াকৈ অবৈধ নাগৰিকক আমেৰিকাৰ পৰা বিতাৰণ কৰাৰ নামত ভাৰতীয় নাগৰিকৰ হাত – ভৰিত শিকলি লগাই ভাৰতলৈ পঠিয়াই দিয়াৰ দৰে অমানৱীয় বিষয় এই আলোচনাত স্থান পাব নে নাই সেই সম্পৰ্কে কোনো কথা প্ৰকাশ নকৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।