Close

আজি ওড়িছাৰ বিৰুদ্ধে জয় হ’লেই প্লে-অফৰ স্থান দৃঢ় হ’ব নৰ্থ ইষ্ট ইউনাইটেডৰ

ওড়িছাৰ বিৰুদ্ধে জয় হ’লেই প্লে-অফৰ স্থান দৃঢ় হ’ব নৰ্থ ইষ্ট ইউনাইটেডৰ

স্প’ৰ্টছ ডেস্ক : ক্ৰমাগত সাতখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল] ৰ কাইলৈ ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত হ’ব লগা খেলত ঘৰুৱা দল ওড়িছা এফ চিৰ মুখামুখি হ’ব৷ নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে এয়া ১৯ নম্বৰ খেল ৷

উল্লেখ্য যে ইয়াৰপূৰ্বে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডে ৩-২ গলত ওড়িছা দলক পৰাস্ত কৰিছিল৷ সুন্দৰ ফৰ্মত থকা আত্মবিশ্বাসী নৰ্থ ইষ্ট ইউনাইটেডে কাইলৈৰ মেচত জয়লাভ কৰিলে প্ৰথমবাৰৰ বাবে ওড়িছাৰ বিৰুদ্ধে ডাবল সাফল্য অৰ্জন কৰিব৷ ঘৰত হায়দৰাবাদক হৰুৱাই ভূৱনেশ্বৰলৈ আহিছে গুৱাহাটীৰ দলটো ৷

সাত খনত জয় আৰু সমসংখ্যক মেচ ড্ৰ কৰা নৰ্থ ইষ্ট ইউনাইটেডে ১৮ মেচত ২৮ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানত আছে৷ কাইলৈ তিনি পইণ্ট লাভ কৰিলে দলৰ প্লে-অফলৈ যোগ্যতাৰ সুযোগ বৃদ্ধি হ’ব৷ ২৮ পইণ্টে লাভ কৰা মুম্বাই চিটী আৰু বেংগালুৰু এফ চিৰ লগত ব্যৱধানৰ দূৰত্ব বৃদ্ধি কৰি শক্তিশালী স্থিতিত থাকিব গুৱাহাটীৰ দলটো৷

ইফালে, ওড়িছা দলেও কাইলৈ ঘৰত খেলাৰ সুযোগ লৈ জয়ৰে শীৰ্ষ ছয়ত প্ৰৱেশৰ চেষ্টা কৰিব৷ ১৭ মেচত ২৪ পইণ্টৰে তালিকাৰ সপ্তম স্থানত আছে ওড়িছা৷ দলে ছয়খন মেচত জয় তথা সমসংখ্যক খেল ড্ৰ খেলাৰ বিপৰীতে পাঁচখনত পৰাস্ত হৈছে৷ অৱশ্যে উভয় দলে অন্তিম মেচত জয়লাভ কৰাত কাইলৈৰ খেল প্ৰতিদ্বন্দ্বিতামুলক হ’ব৷

উল্লেখ্য যে আই এছ এলত দূয়োটা দল এঘাৰবাৰ মুখামুখি হৈছে৷ ওড়িছাই ছয়খন মেচত জয়লাভ কৰাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে চাৰিখনত জয় হৈছে৷ মাত্ৰ এখন মেচহে ড্ৰ হৈছে৷ সেয়েহে উভয় দলৰ প্ৰশিক্ষকৰ আক্ৰমণৰ ৰণনীতিয়ে কাইলৈৰ মেচতো ৯০ মিনিটে সমৰ্থকক উত্তেজনাৰ চাপত ৰাখিব৷

‘আমি আমাৰ ভুলৰ পৰা শিকিব লাগিব আৰু উন্নতি কৰিব লাগিব৷’ ওডিছা এফ চিৰ মুখ্য প্ৰশিক্ষক চাৰ্জিঅ’ ল’বেৰাই দলৰ জ্যেষ্ঠ খেলুৱৈৰ ভূমিকাক একপ্ৰকাৰ সমালোচনা কৰি মেচৰ পূৰ্বে এইদৰে কয়৷ তেওঁ লগতে কয়, ‘জ্যেষ্ঠ খেলুৱৈসকল পেছাদাৰী৷ সকলোৱে ভুল কৰে৷ ভুল নকৰা মানুহজনেই হ’ল একো নকৰা মানুহ৷ কিন্তু শুধৰণি কৰি আগুৱাই যোৱাটোহে লক্ষ্য৷’

ইফালে, নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিয়ে দলটোৰ প্ৰতিজন খেলুৱৈকে নিজৰ প্ৰদৰ্শনৰ তীব্ৰতা বজাই ৰাখিবলৈ উৎসাহিত কৰিছে৷ আজি সংবাদমেলত বেনালিয়ে কয় ‘আমি সম্পূৰ্ণ ছিজনত কঠোৰ পৰিশ্ৰম কৰি আহিছো৷ তেওঁ কয়, ‘আমি সম্পূৰ্ণ ছিজনটো কঠোৰ পৰিশ্ৰম কৰি আহিছো৷ কিন্তু এতিয়া আমি যি বিচাৰো তাত উপনীত হ’বলৈ একেবাৰে শেষলৈকে আগবাঢ়িব লাগিব ৷’

উল্লেখ্য যে এইবাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ ঘৰতকৈ বাহিৰত খেলা মেচৰ সফলতা অধিক৷ ইতিমধ্যে লীগত ১৮ খন মেচ খেলা গুৱাহাটীৰ দলটোৱে যি সাত খন মেচত যি জয়ৰ সফলতা অৰ্জন কৰিছে তাৰ চাৰিখনেই বাহিৰত খেলা৷ সেয়েহে কাইলৈ ভূৱনেশ্বৰতো অধিক আশাবাদী বেনালী৷

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top