বিধান সভাত অপ্ৰীতিকৰ পৰিস্থিতি
সম্বোধন অবিহনে উভতিল ৰাজ্যপাল আৰ এন ৰবি
তামিলনাডু বিধান সভাত অৱহেলিত হ’ল ৰাষ্ট্ৰীয় সংগীত ।
ইয়াকে লৈ সৃষ্টি হ’ল অপ্ৰীতিকৰ পৰিস্থিতি।
নিউজ ডেক্স– তামিলনাডু বিধান সভাত অৱহেলিত হ’ল ৰাষ্ট্ৰীয় সংগীত । ইয়াকে লৈ সৃষ্টি হ’ল অপ্ৰীতিকৰ পৰিস্থিতি।
আজিৰে পৰা আৰম্ভ হোৱা শীতকালীন অধিবেশন উপলক্ষে বাৰ্ষিক সম্বোধনৰ বাবে তামিলনাডু বিধান সভাত উপস্থিত হৈছিল ৰাজ্যপাল আৰ এন ৰবি । কিন্তু বিধান সভাত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনক লৈ সৃষ্টি হোৱা পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সেই কাম কৰিব নোৱাৰিলে ৰাজ্যপাল গৰাকীয়ে।
তথ্য অনুসৰি তামিলনাডুৰ ৰাজ্যিক সংগীত বাজত্তু পৰিবেশনৰ অন্তত বিধান সভাত সাংবিধানিক নিয়ম অনুসৰি ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰাটো বিচাৰিছিল ৰাজ্যপাল আৰ এন ৰবিয়ে। তামিলনাডু বিধান সভাৰ নেতা তথা মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু অধ্যক্ষগৰাকীক বিষয়টো সন্দৰ্ভত জনোৱা সত্বেও যথোচিত সঁহাৰি লাভ নকৰিলে ৰাজ্যপালগৰাকীয়ে। ইয়াতেই ক্ষুব্ধ হৈ বিধান সভাক সম্বোধন নকৰাকৈয়ে উভতি আহে ৰাজ্যপাল আৰ এন ৰবি।
সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰি তামিলনাডু ৰাজভৱনে কয় যে এয়া দেশৰ সংবিধান আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি দেখ দেখ অৱমাননা আৰু ৰাজ্যপাল ইয়াৰ অংশীদাৰ হ’ব নোৱাৰে।