কৃষি বাণিজ্য সম্প্ৰসাৰণৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনীতি সলনি কৰিব লাগিব-কৃষিমন্ত্ৰী অতুল বৰা
অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া আঞ্চলিক কৃষি মেলা । আঞ্চলিক কৃষিমেলাৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কৃষি মন্ত্ৰী অতুল বৰাই।
https://fb.watch/wW8AHxyNXh/
————————————————————————————————————————————————————————————————————————————–
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক সামৰি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত শণিবাৰৰ পৰা আৰম্ভ হৈছে আঞ্চলিক কৃষি মেলা । অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ মুখ্য পৃষ্ঠপোষকতাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মেলাৰ উদ্ধোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে ।
বিশ্ববিদ্যালয়ৰ মুল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত বক্তব্যত কৃষি মন্ত্ৰীৰ বৰাই কয় যে কৃষিক্ষেত্ৰত প্ৰচুৰ সম্ভাবনা আৰু প্ৰত্যাহ্বান আছে । সেয়ে কৃষকৰ স্বাৰ্থৰ বাবে চিন্তা কৰা হৈছে আৰু কৃষকক উপকৃত কৰাৰ বাবে ভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সৰিয়হ আৰু ৰেপচিড গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড: পি কে ৰায় আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই অংশগ্ৰহণ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: মনোৰঞ্জন নেওগে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটোত মেলা উপলক্ষ্যে প্ৰকাশিত স্মৃতিগ্ৰন্থৰ লগতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।
অনুষ্ঠানত উত্তৰ-পূবৰ ৰাজ্যৰকেইখনৰ নিৰ্বাচিত ৫জন কৃষকক সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানৰ পাছতে আই চি আৰ ফাৰ্মত অনুষ্ঠিত মেলাৰ দ্বাৰ মুকলি কৰে কৃষি মন্ত্ৰী অতুল বৰাই । অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই, কৃষি বিজ্ঞান গুৰু ড: প্ৰসন্ন কুমাৰ পাঠক, কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়া, পশু চিকিৎসা গৱেষণা সঞ্চালক ড: প্ৰবোধ বৰা,ছাত্ৰ কল্যাণ সঞ্চালক ড: অনুপ কুমাৰ দাস, ছাত্ৰ কল্যাণ সঞ্চালক ড: বিনয় কুমাৰ মেধি, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: ৰঞ্জিত কুমাৰ সাউদ, সহযোগী কৃষি গৱেষণা সঞ্চালক ড: মৃণাল শইকীয়া, সামুহিক বিজ্ঞান গুৰু ড: মামণি দাস, প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক অধ্যাপিকা সকল, গৱেষক বিজ্ঞানী সকল, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী সকলৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ।
আৰম্ভণিৰ দিনাই মেলাত অসম কৃষি বিশ্ববিদ্যালয়ৰ নিজা উৎপাদিত ” AAU Select ” ব্ৰেণ্ডৰ সামগ্ৰীসমূহে ব্যাপক সমাদৰ লাভ কৰে । উল্লেখ্য যে ৪ ৰ পৰা ৬ জানুৱাৰীলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদৰ আই চি আৰ ফাৰ্মত অনুষ্ঠিত হ’বলগীয়া এই মেলাত অসমৰ লগতে উত্তৰ -পূৰ্বাঞ্চলৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে কৃষক, কৃষি উদ্যোগী, আত্মসহায়ক গোট আৰু কৃষক উৎপাদক সংস্থাৰ প্ৰতিনিধিৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ।
অনুষ্ঠানত কৃষি প্ৰদৰ্শনী, কৃষিজাত প্ৰযুক্তিৰ প্ৰদৰ্শন, কৃষকৰ প্ৰশিক্ষণ, কৃষিভিত্তিক প্ৰতিযোগিতা, কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান, ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা, কৃষি সম্পৰ্কীয় আলোচনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ।