উত্তৰ পূৰ্বাঞ্চলত কেইৰ্ণৰ প্ৰযুক্তিগত উন্নয়ন
গুৱাহাটী, মে ১১, ২০২৫ : ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ পৰিপ্ৰেক্ষিতত কেইৰ্ণ অইল এণ্ড গেছ তথা বেদান্ত লিমিটেডে ভাৰতৰ লগতে বিশেষকৈ দুৰ্গম আৰু ভূতাত্ত্বিকভাৱে জটিল উত্তৰ-পূব ভাৰতত প্ৰযুক্তিগত তথা উদ্ভাৱন চালিত উন্নয়নৰ বৃদ্ধিৰ দ্বাৰা শক্তি খণ্ডৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিছে । উন্নত লিডাৰ ড্ৰ’ন জৰীপৰ পৰা আৰম্ভ কৰি এ আই চালিত সুৰক্ষা ব্যৱস্থা আৰু ডিজিটেল নিৰীক্ষণ প্ৰযুক্তি ব্যৱহাৰ কৰি সময়ে সময়ে কেইৰ্নে প্ৰমাণ কৰি আছে যে শক্তি সুৰক্ষাৰ পথত যিমানেই স্মাৰ্ট প্ৰযুক্তিৰ প্ৰয়োজন, সিমানেই প্ৰাকৃতিক সম্পদৰ ভৱিষ্যতৰ চিন্তা কৰাটো প্ৰয়োজনীয় ।
পৰম্পৰাগতভাৱে গধুৰ কৌশলৰ লগতে নতুন প্ৰযুক্তিৰ ব্যৱহাৰত নিৰ্ভৰশীলতাৰ বাবে পৰিচিত তেল আৰু গেছ উদ্যোগটোৱে ডিজিটেল পদ্ধতিৰ বিভিন্ন নৱজাগৰণৰ মাজেৰে উন্নয়নমূলক কাৰ্যত নিজক নিয়োগ কৰি আহিছে । কেয়াৰ্নে উদ্যোগ ৪.০ সঁজুলি, এ আই/এম এল, আৰু ডাটা-চালিত প্লেটফৰ্মৰ সংহতিৰ পৰিৱৰ্তনৰ নেতৃত্ব দিছে ।
কোম্পানীটোৱে শেহতীয়াকৈ লাভ কৰা অন্যতম উদ্ভাৱনীমূলক অগ্ৰগতি হৈছে উত্তৰ-পূব ভাৰতৰ এটা কাৰ্যকৰী এলেকাত প্ৰথমবাৰৰ বাবে লিডাৰ ড্ৰ’ন জৰীপ। এক দূৰৱৰ্তী আৰু পাহাৰীয়া অঞ্চলত কোম্পানীটোৱে বিভিন্ন বাধা নেওচি ড্ৰ’নৰ জৰিয়তে পোহৰ ধৰা পেলোৱা আৰু ৰেঞ্জিং (LiDAR) নিয়োগ কৰি কেৱল কাৰ্য্যকৰী বিপদ আৰু সামগ্ৰীৰ খৰচ হ্ৰাস কৰাই নহয়, উচ্চ ৰিজ’লিউচনৰ থ্ৰীডি মেপিঙৰ সৈতে আন্তঃগাঁথনি পৰিকল্পনাও ত্বৰান্বিত কৰিছে। যাৰ দ্বাৰা এ আই/এম এল এলগৰিদমৰ সৈতে তথ্যসমূহে বিশেষকৈ পথ নিৰ্মাণ আৰু ৰিগ চলাচলৰ বাবে স্মাৰ্ট চিভিল ইঞ্জিনিয়াৰিঙৰ সিদ্ধান্ত ল’বলৈ সক্ষম হব ।
কেয়ৰ্নে ইন্টাৰএক্টৰ সৈতেও ক্ষেত্ৰভিত্তিক কাৰ্য্যকলাপ বৃদ্ধি কৰিছে, যিয়ে সুৰক্ষিত ৱেব-ভিত্তিক প্লেটফৰ্ম যিয়ে বাস্তৱ সময়ৰ জলাশয় আৰু তেলকূপৰ স্থানৰ তথ্য সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলৰ দ্বাৰা গম পোৱা যায় । কৰ্মক্ষেত্ৰৰ সুৰক্ষাক পৰৱৰ্তী পৰ্যায়লৈ লৈ গৈ কেয়ৰ্নে বিভিন্ন অঞ্চলৰ এইচ জেড-০১ ৱেল পেডত এ আই ভিত্তিক সুৰক্ষা চোৱাচিতা ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। লাইভ চি চি টিভি ফিডৰ সৈতে সংযুক্ত এই ব্যৱস্থাই বাস্তৱ সময়ত অসুৰক্ষিত কাৰ্য্য আৰু অৱস্থা ধৰা পেলায় তথা তাৎক্ষণিক সতৰ্কবাণীৰ সূচনা কৰে আৰু দ্ৰুত প্ৰতিৰোধমূলক ব্যৱস্থা সক্ষম কৰে।
উত্তৰ-পূব ভাৰতে কৌশলগত শক্তি সীমান্ত হিচাপে আত্মপ্ৰকাশ কৰি থকাৰ সময়তে কেয়ৰ্নৰ প্ৰচেষ্টাই পৰিৱেশৰ প্ৰতি দায়বদ্ধ, প্ৰযুক্তি-নেতৃত্বশীল উন্নয়নৰ প্ৰতি বহল প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উদ্ভাৱনক আকোৱালি লৈ কোম্পানীটোৱে নিশ্চিত কৰিছে যে অঞ্চলটোৰ বৃদ্ধি কেৱল দ্ৰুত নহয়, নিৰাপদ, বহনক্ষমৰ দ্বাৰা আগন্তুক বছৰবোৰত শক্তিৰ বিভিন্ন পথ মুকলি এইদৰে মুকলি হৈ থাকিব ।