LIVE ASSAM : মানৱ ৰূপী দানৱৰ ঘাটি চাৰি হোটেলত চলিল প্ৰশাসনৰ বুলডজা’ৰ
প্ৰশাসনে বুলডজা’ৰ লগাই ভাঙি চুৰ্ণবিচুৰ্ণ কৰা আপুনি দেখা এই হোটেলতে একাংশ নৰপিষাশে সংঘটিত কৰিছিল দেশ কঁপাই যোৱা নাৰকীয় কাণ্ড
ৰাজস্থানৰ শ্ৰীগংগা নগৰৰ ১৩ বছৰীয়া কিশোৰীক অপহৰণ কৰি এই চাৰি হোটেলত আবদ্ধ কৰি বৰ্বৰতাক সীমা চেৰাই উপৰ্যুপৰি ধৰ্ষণ কৰিছিল মানৱ ৰূপী এদল নৰপিষাশে
যোৱা ১৮ জুনত সংঘটিত হৈছিল ১৩ বছৰীয়া কিশোৰী গৰাকীৰ চাঞ্চল্যকৰ অপহৰণৰ ঘটনা
সেইদিনা বান্ধৱীক লগ পাবলৈ বিজয় নগৰলৈ যোৱা কিশোৰী গৰাকী ঘৰলৈ বুলি ঘুৰি আহিছ এখন অ’টোত
কিন্তু পাষণ্ড অ’টো চালকটোয়ে ১৩ কিশোৰী গৰাকীক নি বিক্ৰী কৰিছিল এই হোটেল খনৰ মেনেজাৰক
পৈশাচিক মনোবৃত্তিৰ হোটেলৰ মেনেজাৰে এটা কোঠাত আৱদ্ধ কৰি কিশোৰী গৰাকীৰ নগ্ন ফটো তুলি গ্ৰাহক ৰূপী একাংশ নৰপিষাশৰ হাতত গতাই দিছিল ফুলকুমলীয়া কিশোৰী গৰাকী
চাৰিখনকৈ হোটেলত ৫ দিন ধৰি কিশোৰী গৰাকী ৩২ টা নৰপিষাশে চলাইছিল অবৰ্ণনীয় নিৰ্যাতন
পৰবৰ্তী সময়ত আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে৷
ইতিমধ্যে স্পেচিয়েল ইনভেষ্টিগেচন টিম অৰ্থাৎ এছ আই টিয়ে এই পৰ্যন্ত হোটেলৰ পৰিচালক আৰু গৰাকীকে ধৰি ১৪ টা নৰপিষাশক গ্ৰেপ্তাৰ কৰিছে ৷
ৰাজস্থানৰত সংঘটিত এই নাৰকীয় কাণ্ডই দেশজোৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিচতে প্ৰশাসনে কিশোৰ গৰাকীক আবদ্ধ কৰি ৰখা শ্ৰী গংগা নগৰৰ চাৰিখনকৈ হোটেল বুলডজা’ৰ লগাই ভাঙি ধূলিস্যাৎ কৰি পেলায ।
১৩ বছৰীয়া কিশোৰীক কৰা অৰ্বণনীয় শাৰীৰিক নিৰ্যাতনত লগত জড়িত আন কেইটা নৰপিষাশকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে দেশবাসীয়ে

