এজন দুজন নহয় একেলগে ৩৮ গৰাকী দোষীক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

Share

LIVE ASSAM : এজন দুজন নহয় একেলগে ৩৮ গৰাকী দোষীক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। লগতে ১১ গৰাকী দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ৰায় দিলে। কিন্তু কিয় একেলগে ৩৮ গৰাকী দোষীক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিলে আদালতে ? কি দোষত দোষী সাব্যস্ত হৈছিল তেওঁলোক ? ২০০৮ চনৰ আহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণৰ গোচৰত ৩৮ জন দোষীক মৃত্যুদণ্ড আৰু ১১ গৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ২০২২ চনৰ বিশেষ আদালতে দিয়া ৰায়ক গৃহীত কৰে গুজৰাট উচ্চ ন্যায়ালয়ে।২০০৮ চনৰ ২৬ জুলাইত সমগ্ৰ আহমেদাবাদত অসামৰিক চিকিৎসালয়, এল জি হাস্পতাল, বাছ, ৰখাই থোৱা চাইকেল আৰু গাড়ীকে ধৰি ২২টা বোমা বিস্ফোৰণ ঘটি ৫৬ জন লোকৰ মৃত্যু হয় আৰু প্ৰায় ২০০ জন আহত হয়। আৰক্ষীয়ে অভিযোগ কৰে যে ২০০২ চনত গোধৰাৰ পিছৰ দাঙ্গাৰ প্ৰতিশোধ ল’বলৈ নিষিদ্ধ ভাৰতীয় ছাত্ৰ ইছলামিক আন্দোলনৰ সৈতে জড়িত ভাৰতীয় মুজাহিদীন (আই এম)ৰ সদস্যসকলে এই ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰিছিল।তাৰ পাছত ২০০৮ চনৰ আহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণৰ গোচৰত ৫৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। আনহাতে ২০২২ চনৰ বিশেষ আদালতে ৩৮ গৰাকী দোষীক মৃত্যুদণ্ড আৰু ১১ গৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰি আজি গুজৰাট উচ্চ ন্যায়ালয়ে গৃহীত কৰে

Share