নগাঁও : পাঠ্যক্ৰমিক শিক্ষা আহৰণেৰে নিজকে প্রস্তুত কৰি তোলা অথবা পেশাগত দৃষ্টিভংগীৰে জীৱনৰ প্ৰাপ্তিৰ সন্ধান কৰা আদি প্ৰৱণতা যুৱচামৰ মাজত অতি স্বাভাবিক । পাঠ্যক্রমৰ শিক্ষা গ্রহণেৰে নিজকে প্রস্তুত কৰি তোলা নগাঁৱৰ কেইজনমান যুৱক- যুৱতীয়ে জ্ঞানৰ পৰিসৰ বৃদ্ধিত কৰা কচৰৎ বহুতৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। বিশেষকৈ সাহিত্য, সংস্কৃতি, চলচ্চিত্ৰ, সংগীত,ভূগোল,বুৰঞ্জী,ক্ৰীড়া, আদি সমগ্ৰ বিষয় সামৰি জ্ঞান চৰ্চাৰ এক মঞ্চ তৈয়াৰ কৰি এই সকল যুৱক-যুৱতীয়ে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিত আত্মনিয়োগ কৰাৰ প্ৰয়াস কৰিছে । তেওঁলোকৰ এনে প্ৰচেষ্টা সমাজৰ বাবে নিসন্দেহে এক ইতিবাচক বাৰ্তা হিচাপে বিবেচিত হৈছে ।
‘Adda Quiz’ শীৰ্ষক নামাকৰণেৰে এই সকল জ্ঞান সন্ধানী যুৱক-যুৱতীয়ে সময়ে সময়ে মিলিত হৈ বিভিন্ন বিষয়ৰ আধাৰত প্ৰস্তুত কৰা প্ৰশ্নোত্তৰ শিতানত প্ৰত্যেকে নিজৰ জ্ঞান,দক্ষতা আৰু তথ্য সঞ্চয়ক পৰীক্ষা কৰি চায় । যাৰ ফলশ্ৰুতিত এই ‘Adda quiz’ এক আকৰ্ষণীয় বিষয় হৈ পৰিছে । যোৱা ১৮ জুলাইত নগাঁও চহৰৰ শিৱনগৰ অঞ্চলত থকা সমলয় সাংস্কৃতিক গোষ্ঠীত অনুষ্ঠিত “Adda Quiz ( Hub Quiz)” শীৰ্ষক এই অনুষ্ঠানটি অনুষ্ঠিত হয় ।জ্ঞান চৰ্চাৰ এক মঞ্চ হিচাপে বিবেচিত এই Adda Quizখনত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ দহজনৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে । মনোগ্ৰাহী এই Adda Quizখনে যুৱ চামৰ সম্যক আৰু ব্যৱহাৰিক চিন্তা শক্তিক অধিক ত্বৰান্বিত কৰিব বুলি আশা কৰা যায় ।এনে অনুষ্ঠানে সমলয় সাংস্কৃতিক গোষ্ঠীৰ লগতে শিৱনগৰ অঞ্চলৰ বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এক যোগাত্মক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।
এই Adda Quizত অংশগ্ৰহণ কৰা যুৱক-যুৱতী সকল হৈছে ক্রমে অনুজ শঙ্কৰ দেৱনাথ, কানু মজুমদাৰ, বাপন পুৰকায়স্থ ,কল্যাণ জ্যোতি কলিতা,ৰাজকমল বৰা,
ভাৰ্গবী মেধি, নৱজ্যোতি বৰা, প্ৰয়াস শৰ্মা, প্ৰীতম বৰা
ৰ’দালি বৰুৱা ( কুইজ পৰিচালিকা) আৰু
আছিফ উজ জামান ( কুইজ পৰিচালক ) ।

