নগাঁও,১৯ জুলাই : নগাঁও প্ৰেছ ক্লাবত আজি ক্ৰীড়া সংগঠক, সাংবাদিক, সমাজকৰ্মী প্ৰয়াত ৰাজেন বৰকাকতিৰ এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । ‘অসম শিল্পী কানন’ কেন্দ্ৰীয় সমিতি আৰু নগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভনিতে প্ৰয়াত ৰাজেন বৰকাকতিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই । অসম শিল্পী কাননৰ সম্পাদক প্ৰধান মৃদুপৱন বৰাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকী, বিশিষ্ট নাট্যকাৰ সপোনটি বৰদলৈ, প্ৰাক্তন জনসংযোগ বিষয়া তথা লেখক- সাংবাদিক গুৰমাইল সিং, অসম শিল্পী কাননৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ৰাতুল নেওগ প্ৰমুখ্যে ব্যক্তিসকলে বিশিষ্ট ক্ৰীড়া সংগঠক, সাংবাদিক, সমাজকৰ্মী প্ৰয়াত ৰাজেন বৰকাকতিৰ স্মৃতিচাৰণ কৰি বৰকাকতিৰ আপোচবিহীন ব্যক্তিত্ব, জাতীয়তাবাদী দৃষ্টিভংগী, সমাজমুখী জীৱনচৰ্যা, ক্ৰীড়া সংগঠক হিচাপে আগবঢ়াই যোৱা অৱদান আদি দিশৰ ওপৰত আলোকপাত কৰে । সাংবাদিক চফিকুৰ ৰহমানে স্বৰচিত এটি কবিতাৰে ৰাজেন বৰকাকতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজেন বৰকাকতিৰ কন্যা ৰ’দালি বৰকাকতি মজুমদাৰে পিতৃৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাবৰ উপদেষ্টা কনক হাজৰিকা, কোষাধ্যক্ষ ফাইজুৰ ৰহমান, সাংবাদিক মিজু বৰা, অসম শিল্পী কাননৰ উপসভানেত্ৰী বনদীপা হাজৰিকা শইকীয়া, সহ সম্পাথিকা নমিতা হাজৰিকা শইকীয়া, প্ৰাক্তন মন্ত্ৰী উমেশ দাস,কবি-গীতিকাৰ ৰূপক মজুমদাৰ,
ৰাজেন বৰকাকতিৰ বোৱাৰী জ্যোৎস্না বৰকাকতি প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত অসম শিল্পী কাননৰ মহিলা শিল্পী সকলে বৰগীত পৰিবেশন কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত ব্যক্তিসকলে এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে প্ৰয়াত ৰাজেন বৰকাকতিৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। উল্লেখ্য যে ২১ জুনৰ পুৱা নগাঁও চহৰৰ নিউ আমোৱলাপট্টি নিৱাসী বৰ্ষীয়ান ক্ৰীড়া সংগঠক, সাংবাদিক, সমাজকৰ্মী ৰাজেন বৰকাকতিয়ে ৯৪ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাচতে নগাঁও প্ৰেছ ক্লাব সভাকক্ষত অসম শিল্পী কানন কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আগন্তুক চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় ৰাস মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় । সম্পাদক প্ৰধান মৃদুপৱন বৰাই আঁত ধৰা অনুষ্ঠানত অসম শিল্পী কাননৰ শিল্পী সকলে এটি ৰাস গীত পৰিৱেশন কৰাৰ লগতে শিল্পী মামণি কলিতাই এটি সত্ৰীয়া নৃত্য পৰিবেশন কৰে। অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, নাট্যকাৰ সপোনটি বৰদলৈ, প্ৰাক্তন মন্ত্ৰী উমেশ দাস, কবি-গীতিকাৰ ৰূপক মজুমদাৰ প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ।

