গুৰমাইল সিং : তাকৰীয়া কালৰ ভিতৰতে ইছৰোৰ পৰা আঁতৰি গৈছে শতাধিক জ্যেষ্ঠ বিজ্ঞানী। ইজনৰ পিছত সিজনকৈ জ্যেষ্ঠ বিজ্ঞানী এইদৰে আঁতৰি যোৱাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ চৰকাৰে এই বিজ্ঞানী সকলৰ পদত্যাগ আৰু স্বেচ্ছামূলক অৱসানৰ বাবে নতুন বিধি- বিধান প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈছে। কিন্তু কিহৰ বাবে ইছৰো ত্যাগ কৰিছে জ্যেষ্ঠ বিজ্ঞানী সকলে?
দৰাচলতে ষ্টাৰ্ট আপৰ অধীনত ভাৰতত মুকলি হোৱা বহু কেইটা মহাকাশ গৱেষণা কেন্দ্ৰৰ বাবেই শেহতীয়া ভাৱে ইছৰোত এনে সমস্যাই দেখা দিছে।
২০২০ বৰ্ষত মহাকাশ গৱেষণা ক্ষেত্ৰখন ব্যক্তিগত খণ্ডলৈ মুকলি কৰি দিয়া হৈছিল। ষ্টাৰ্টআপৰ অধীনত স্কাইৰুট এৰোস্পেচ, অগ্নিকুল কচমছ, পিক্সেল, বেলাট্ৰিক্স এৰোস্পেচ, ধ্ৰুব স্পেচ, দিগান্তাৰাকে আদি কৰি বহু কেইটা গৱেষণা কেন্দ্ৰ ভাৰতত গঢ় লৈ উঠে। ব্যক্তিগত খণ্ডৰ এই মহাকাশ গৱেষণা সংস্থাসমূহে এই ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰে। এই তাকৰীয়া সময়ছোৱাত ৰকেট তৈয়াৰ, চেটেলাইট, প্ৰপালচন চিষ্টেম আৰু মহাকাশজনিত বহুবোৰ সেৱা ভাৰতত আৰম্ভ কৰা হয়। ফলত মহাকাশ গৱেষক সকলৰ বাবে নতুন নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’বলৈ ধৰে। নকলেও হয় যে ব্যক্তিগত খণ্ডৰ এই প্ৰতিষ্ঠানসমূহে যথেষ্ট লোভনীয় দৰমহা তথা অন্যান্য সা-সুবিধা আগবঢ়ায়। তদুপৰি কামৰ ক্ষেত্ৰতো অনৰ্থক হস্তক্ষেপ নেথাকে। ইছৰোৰ ওপৰ গধুৰ পদ্ধতিত এটা সিদ্ধান্তৰ বাবে অযথা বহু সময় অপেক্ষা কৰিব লগা হয় বিজ্ঞানীসকলে। ইতিমধ্যে ইছৰোৰ পৰা অৱসৰ গ্ৰহণ কৰি এই নতুন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত হৈ থকা জ্যেষ্ঠ বিজ্ঞানী সকলে ইছৰোৰ মহাকাশ বিজ্ঞানী সকলক প্ৰলোভিত কৰিবলৈ ধৰে। উচ্চ হাৰৰ দৰমহা, মুক্ত মন আৰু আশংকাহীন ভাৱে কাম কৰিবলৈ অহা সুযোগ গ্ৰহণ কৰি এই বিজ্ঞানীসকলে ইছৰোৰ কঠোৰ নিয়মাৱলীৰ পৰা মুক্তি বিচাৰিয়েই ব্যক্তিগত খণ্ডৰ প্ৰতি ঢাপলি মেলিবলৈ আৰম্ভ কৰে।
Gaganayaan G 1test flight, SSLV-L1, GSLV-F 17, PSLV N-1আদিৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্প আধৰুৱা হৈ থকা অৱস্থাত এইদৰে মহাকাশ বিজ্ঞানী সকলে ইছৰো ত্যাগ কৰা ঘটনাই এতিয়া চিন্তা বঢ়াইছে চৰকাৰৰ। প্ৰতিষ্ঠাৰ দিন ধৰি ইছৰোই আছিল ভাৰতীয় মহাকাশ গৱেষক সকলৰ একমাত্ৰ লক্ষ্য। ভাৰতত মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ইছৰো আছিল অদ্বিতীয়। এতিয়া ইছৰোৰ সেই প্ৰভুত্বৰ প্ৰায় অৱসান ঘটিল। ভাৰতৰ শ্ৰেষ্ঠ মহাকাশ গৱেষক সকল এতিয়াৰে পৰা ইছৰোৰ সৈতে জড়িত নোহোৱাকৈও দিন অতিবাহিত কৰিব পাৰিব- তাকো উত্তম ভাৱে। এনে পৰিস্থিতিত ইছৰোৱে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিবলৈ কেনেভাৱে নিজকে খাপ খুৱাই লয় সেয়া নিশ্চয় লক্ষ্যণীয় হ’ব।

