বুধবাৰে গুৱাহাটীত অন্তিম মেচ খেলিব নৰ্থ ইষ্ট ইউনাইটেডে, সন্মুখত হায়দৰাবাদ এফ চি
নিউজ ডেস্ক, ২৮ জানুৱাৰী : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ত বুধবাৰে গুৱাহাটীত অন্তিম মেচখন খেলিব ৷ দলে গৃহভূমিত ছিজনৰ আৰু তিনিখন মেচ খেলিবলৈ বাকী থাকিব যদিও সেই তিনিওখন খেল ছিলঙত অনুষ্ঠিত হ’ব ৷ সেয়েহে কাইলৈ হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে খেলিব লগা মেচখনে সৰুসজাই ষ্টেডিয়ামত ছিজনৰ অন্তিম খেল হ’ব ৷
ক্ৰমাগত ছখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডে ইয়াৰপূৰ্বে হায়দৰাবাদক ঘৰতে ৫-২ গ’লত পৰাস্ত কৰিছিল ৷ দলীয় শক্তিৰ তুলনামুলক দৃষ্টিৰে নৰ্থ ইষ্ট ইউনাইটেডে কাইলৈৰ মেচত জয়ৰ ট্ৰেকলৈ প্ৰত্যাৱৰ্তনৰ সুযোগ পাইছে ৷ উল্লেখ্য যে, দলে ক্ৰমাগত চাৰিখন মেচ ড্ৰ কৰিছে ৷ ইয়াৰে তিনিখন মেচ গুৱাহাটীত খেলা ৷ আনহাতে, অন্তিম মেচত কেৰালাৰ বিৰুদ্ধে কোচিত এক পইণ্ট সংগ্ৰহ কৰিছিল নৰ্থ ইষ্ট ইউনাইটেডে ৷
বৰ্তমান নৰ্থ ইষ্ট ইউনাইটেডে ১৭ খন খেলত ২৫ পইণ্ট লাভ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে ৷ দলে ছখনত জয় তথা সাতখন ড্ৰ কৰিছে ৷ আনহাতে হায়দৰাবাদে ১৭খন মেচত ১৩ পইণ্ট লাভ কৰি ১২ নম্বৰ স্থানত আছে ৷ দলৰ জয়ৰ সংখ্যা তিনি, বিপৰীতে ১০ খনত পৰাজয় হৈছে ৷ নৰ্থ ইষ্ট ইউনাইটেডে হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথমটো লীগ ডাবল কৰাৰ সুযোগ পাইছে যদিও গুৱাহাটীৰ অন্তিম চাৰিখন মেচত দলে জয়ৰ মুখ দেখা নাই ৷
শেষবাৰৰ বাবে এটা ছিজনত ঘৰুৱা মেচত জয়হীন ধাৰাবাহিকতা ২০২২ চনত হৈছিল যেতিয়া নৰ্থ ইষ্ট ইউনাইটেডে ক্ৰমাগত পাঁচ মেচত পৰাজয়ৰ সন্মুখীন হৈছিল ৷ এইবাৰ গুৱাহাটীত খেলা আঠখন মেচৰ মাত্ৰ দুখনতহে জয়লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেডে৷ সেয়ে কাইলৈৰ মেচতো অনুৰাগীৰ সন্মুখত চাপত থাকিব ঘৰুৱা দল ৷ ইফালে, জামছেদপুৰক পৰাস্ত কৰি গুৱাহাটীলৈ অহা হায়দৰাবাদ দলে যোৱা তিনিখন খেলত অপৰাজেয় হৈ আছে ৷
নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে দলৰ বাবে কাইলৈৰ মেচখনৰ পৰিসৰৰ কথা দৃঢ়তাৰে কয় ৷ ”আমাৰ বাবে এয়া ফাইনেল আৰু আমি কঠোৰ পৰিশ্ৰম কৰি পইণ্ট লাভ কৰিব লাগিব ৷ তেওঁলোকৰ বাবেও কাইলৈৰ খেলখন ফাইনেল ৷ কাৰণ হায়দৰাবাদ এটা ভাল দল আৰু তেওঁলোকে লীগৰ পৰা অৱনমন নিবিচাৰে ৷” বেনালিয়ে কয় ৷
ইফালে, হায়দৰাবাদৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক শ্বমীল চেম্বাকাথে যোৱা মেচখনত দলৰ জয়ৰ সফলতাই খেলুৱৈসকলক যথেষ্ট আত্মবিশ্বাসী কৰিছে বুলি কয় ৷ “ঘৰুৱা মেচত জয়লাভ কৰাটো আমাৰ বাবে ইতিবাচক ঘটনা আছিল ৷ এই সাফল্যই কাইলৈৰ মেচৰ বাবে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে সেয়া আৰু অধিক গুৰুত্বপূৰ্ণ ৷” চেম্বাকাথে কয় ৷
আই এছ এলত দুয়োটা দল এতিয়ালৈকে এঘাৰবাৰ মুখামুখি হৈছে ৷ পূৰ্ব চেম্পিয়ন হায়দৰাবাদে ছখন খেলত জয়লাভ কৰাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে দুবাৰ তিনি পইণ্টকৈ অৰ্জন কৰিছে৷ আনহাতে, তিনিখন মেচ ড্ৰ’ৰ হৈছে ৷ ইতিমধ্যে লীগত ১৭ খন মেচ খেলা গুৱাহাটীৰ দলটোৱে চলিত ছিজনত যি ছয় খন মেচত জয়ৰ সফলতা অৰ্জন কৰিছে তাৰ চাৰিখনেই বাহিৰত খেলা ৷ সেয়ে গুৱাহাটীৰ অন্তিম মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰদৰ্শন ৰূপকথাৰ দৰে ৷