০ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কঠোৰ স্থিতি
০ আমেৰিকা এৰিব লাগিব ১৮ হেজাৰ ভাৰতীয়ই
০ উদ্বিগ্ন আমেৰিকা বাসী ভাৰতীয়
বিশেষ প্ৰতিবেদন : অচিৰেই মাৰ্কিন যুক্তৰাষ্ট্ৰ ত্যাগ কৰিব লগা হ’ব প্ৰায় ১৮ হেজাৰ ভাৰতীয়ই । দ্বিতীয় বাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰা ডনাল্ড ট্ৰাম্পৰ হুংকাৰৰ পিছতেই দেশখনত উপযুক্ত নথি পত্ৰ অবিহনেই বসবাস কৰা ভাৰতীয় সকলক উভতাই অনাৰ বাবে তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ ।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্কৰ যাতে অৱনতি নঘটে সেইটো সুনিশ্চিত কৰিবলৈ এই বিষয়ত তৎপৰতা প্ৰদৰ্শন কৰিছে ভাৰত চৰকাৰে ।
ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে প্ৰকাশ কৰে যে বিগত বৰ্ষত প্ৰায় এহেজাৰ এনে ভাৰতীয়ক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা উভতাই অনা হৈছে। এই ক্ষেত্ৰত ভাৰত চৰকাৰে মাৰ্কিন চৰকাৰৰ সৈতে সঘনাই যোগাযোগ অব্যাহত ৰাখিছে যাতে দেশখনত অবৈধ ভাৱে বসবাস কৰা প্ৰায় সকলো ভাৰতীয়কে উভতাই আনিব পৰা যায় ।
তেওঁ প্ৰকাশ কৰে যে এই পৰ্যন্ত এনে প্ৰায় ১৮ হেজাৰ ভাৰতীয়ক চিনাক্ত কৰা হৈছে । কিন্তু পীউ ৰিচাৰ্ছ চেণ্টাৰৰ এক তথ্য অনুসৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত অবৈধ ভাৱে বসবাস কৰা ভাৰতীয়ৰ সংখ্যা প্ৰায় ৭ লাখ ২৫ হেজাৰ । সেই অনুসৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত মেক্সিকো আৰু এল ছেভাডোৰৰ পিছতেই অবৈধ ভাৱে বসবাস কৰা ভাৰতীয়ৰ সংখ্যা হ’ব ।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এনে কঠোৰ স্থিতি আৰু সেই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে গ্ৰহণ কৰিব লগা পদক্ষেপক লৈ উদ্বিগ্ন হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা বহু ভাৰতীয় ।