০ পানামা কেনেলক লৈ ট্ৰাম্পৰ হুংকাৰ
০ শংকিত পানামা ৰাষ্ট্ৰসংঘৰ শৰণাপন্ন
বিশেষ প্ৰতিবেদন : পানামা কেনেলক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হুংকাৰৰ পিছতেই ৰাষ্ট্ৰসংঘৰ শৰণাপন্ন হৈছে পানামা চৰকাৰ ।
ৰাষ্ট্ৰসংঘত দাখিল কৰা এক আবেদনৰ জড়িয়তে যাতে কোনো দেশেই আন কোনো ৰাষ্ট্ৰৰ ভৌগোলিক সীমাত হস্তক্ষেপ নকৰে সেইটো সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘক অনুৰোধ জনাইছে পানামা চৰকাৰে ।
উল্লেখযোগ্য যে ২০ জানুৱাৰীত দ্বিতীয় বাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰি ডনাল্ড ট্ৰাম্পে পানামাৰ হাতৰ পৰা পানামা কেনেলৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ অনাৰ হুংকাৰ দিছিল ।
আটলান্টিক মহাসাগৰৰ সৈতে প্ৰশান্ত মহাসাগৰ সংযোগী এই পানামা কেনেল ১৯১৪ বৰ্ষত খান্দি উলিয়াইছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই ।
১৯৯৯ বৰ্ষত এই কেনেল পানামা চৰকাৰক হস্তান্তৰ কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই ।
বাণিজ্যিক ক্ষেত্ৰখনৰ বাবে অতি উপযোগী বিবেচিত এই পানামা কেনেলত শেহতীয়াকৈ চীনদেশৰ প্ৰতিপত্তি বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিবলৈ তৎপৰ হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ।