Close

তামুলপুৰত মহাকাশ প্ৰযুক্তি আৰু ভূস্থানিক উত্তৰণ সম্পৰ্কীয় কৰ্মশালা

তামুলপুৰত মহাকাশ প্ৰযুক্তি আৰু ভূস্থানিক উত্তৰণ সম্পৰ্কীয় কৰ্মশালা

 

নিউজ ডেক্স তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সহযোগত আৰু অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ উদ্যোগত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ মাজত এখনি কৰ্মশালা অনুষ্ঠিত হয় ।

অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সঞ্চালক পি এল এন ৰাজুৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা কৰ্মশালাখনিত সন্মানীয় অতিথিৰ সম্বোধন আগবঢ়ায় জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে । আদৰণী ভাষণত সঞ্চালক পি এল এন ৰাজুৱে উল্লেখ কৰে, “মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগেৰে তামুলপুৰক আমি কেনেকৈ এখনি আদৰ্শ জিলা হিচাপে গঢ়ি তুলিব পাৰো, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব ।” জিলা আয়ুক্তগৰাকীয়েও আলোচনা প্ৰসংগত জিলাখনৰ এটি বিশেষ সমস্যা “হস্তী-মানুহৰ সংঘাত” প্ৰতিৰোধৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগৰ প্ৰসংগ‌ও উল্লেখ কৰে ।

কৰ্মশালাৰ আৰম্ভণিতে তামুলপুৰ সম্পৰ্কীয় এখনি পুস্তিকাও উন্মোচন কৰা হয় । সঞ্চালক ৰাজুৱে বিভিন্ন প্ৰয়োগৰ বাবে মহাকাশ প্ৰযুক্তি আৰু ভূস্থানিক সঁজুলি সম্পৰ্কে বিতংকৈ আলোচনা কৰে । উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ বিষয়া ডঃ বি কে সন্দিকৈয়ে অসমৰ গুৰুত্বৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মহাকাশ প্ৰযুক্তি আৰু ভূস্থানিক সেৱাৰ প্ৰয়োগ সম্পৰ্কে বিতং ব্যাখ্যা আগবঢ়ায় ।

আৰ এছ আৰু জি আই এছ এপ্লিকেছন সম্পৰ্কে আলোচনা কৰে অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ অতিৰিক্ত সঞ্চালক উৎপল শৰ্মাই । কৰ্মশালাত সু-শাসন প্ৰয়োগ সম্পৰ্কেও আলোচনা কৰা হয় । বিশেষকৈ এন ই এছ ডি আৰ, এন আৰ এছ চি, ইছৰোৰ মোবাইল এপ্ আৰু ডাছব’ৰ্ড প্ৰদৰ্শন আগবঢ়ায় উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ বিষয়া নিলয় নিশান্তে ।

ইয়াৰ সমান্তৰালভাৱে অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ বিজ্ঞানী তথা বিষয়াবৰ্গ ৰুণজুন বৰুৱা, কৌস্তভ বৰুৱা, দেৱাশিস বৰুৱা, দীপাংকৰ শৰ্মা, জুমণি বৰুৱা, ডঃ কল্যাণজিৎ শৰ্মা, প্ৰাণজিৎ কলিতা আদিয়েও মহাকাশ প্ৰযুক্তিৰ লগত সম্পৰ্কিত কিছু গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰে । আনহাতে আহমেদাবাদস্থিত ইছৰোৰ বিষয়া শশীকান্ত শৰ্মা আৰু দেৰাডুনৰ আই আই আৰ এছৰ ডঃ হৰিশ কৰ্ণাটকে অনলাইনযোগে আলোচনাত মিলিত হয়। কৰ্মশালাত অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top