এখন নৈ আৰু তিনিখন ধুনীয়া দেশ …

Share

বিৰিঞ্চি কুমাৰ ডেকা : এখন নৈৰ ইপাৰে সিপাৰে আছে তিনি খনকৈ ধুনীয়া দেশ..দৰাচলতে নৈ খনে দেখাত ইংৰাজী “T ” আখৰটোৰ ভাজেৰে ক্ৰমে পাৰাগুৱে , আৰ্জেটিনা আৰু ব্ৰাজিলৰ মাজেৰে বৈ গৈ প্ৰাকৃতিক ভাৱে তিনিও খন দেশৰে সীমাৰেখা নিদ্ধাৰন কৰিছে —এতিয়া মন গলেই নৈ খন পাৰ হৈ ইখন দেশৰ মানুহে সিখন দেশলৈ বিনাদ্বিধাই অহা যোৱা কৰিব পাৰে
. তাৎপৰ্যৰ কথা যে তিনিওখন দেশে এই নৈ খনক মাতৃ জ্ঞানেৰে শ্ৰদ্ধা ভক্তিত নৈ খনৰ উন্নয়নৰ বাবে সমূহীয়াকৈ পুঁজি আৱন্টন দিয়ে .
ভাবিলেই আচৰিত হবৰে কথা , নৈ খনৰ তিনিওখন দেশৰে সীমা ৰেখাত আমাৰ দৰে নাই কোনো যুদ্ধ উন্মাদ স -সস্ত্ৰ সেনানী -সাধাৰণতে ভৱা হয় , দেশৰ প্ৰতিৰক্ষাৰ মেৰুদণ্ড স্বৰূপ সেনাবাহিনী একো একোখন দেশৰ বাবে অপৰিহাৰ্য কিন্তু এইখন পৃথিৱীতে এনে বহু দেশ আছে যাৰ কোনো সেনাবাহিনী নাই বা প্ৰয়োজনো বোধ নকৰে । সৈন্য বাহিনীৰ অবিহনেও পৰম শান্তিৰে বসবাস কৰি আছে বিশ্বৰ ১০ খন দেশে। পৃথিৱীৰ এই দহখন দেশে সেনা বাহিনীৰ নামত বিপুল অৰ্থ ব্যয় নকৰি কেৱল চুক্তি আৰু কৌশল গণ কূটনৈতিক মাধ্যমেৰে ৰাষ্ট্ৰীয় নিৰাপত্তা বজাই ৰাখে ।তাৰ লগতে তেওঁলোকৰ সম্পদ , সামাজিক উন্নয়ন , স্বাস্থ্য সেৱা আৰু আন্তঃগাঁথনি শিতানত বিনিয়োগ কৰে ।এনে দেশ সমূহৰ ভিতৰত প্ৰথমেই নাম ল’ব লাগিব কষ্টাৰিকাৰ নাম।১৯৪৮ চনৰ গৃহযুদ্ধৰ পাছত কষ্টাৰিকা প্ৰশাসনে সেনাবাহিনী বিলুপ্ত কৰে আৰু সামৰিক শিতানত ব্যয় কৰা ধনৰাশি শিক্ষা আৰু স্বাস্থ্য সেৱা শিতানত খৰচ কৰা হয় । নিৰাপত্তা বিঘ্নিত হ’লে সামৰিক প্ৰতিৰক্ষাৰ বাবে আমেৰিকা আৰু অন্যান্য মিত্ৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰে। দ্বিতীয়তে নাম ল’ব লাগিব আইচলেণ্ডৰ । দেশখনে নাটোৰ ওপৰতেই নিৰ্ভৰশীল হৈ দেশৰ সেনাবাহিনী ভংগ কৰি দিছে ।১৯৪৪ চনত স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা অৱশ্যে আইচলেণ্ডিক যৎসামান্য উপকুল বাহিনীহে আছে ।যিয়ে নিৰাপত্তাৰ দিশটো চোৱা-চিতা কৰে । দেশ খনে সামাজিক কল্যাণ আৰু সেৱাহে অগ্ৰাধিকাৰ দিয়ে। সেই ফালৰ পৰা তেওঁলোক হৈ উঠিছে বিশ্বৰ অন্যতম শান্তি পূৰ্ণ দেশ । বিশ্বৰ আন এখন শান্তিপূৰ্ণ দেশ হৈছে মনাকো ।১৯১৮ চনৰ ফ্ৰাংকো-মনেকাস্কো চুক্তিৰ পিছৰে পৰা দেশখনৰ প্ৰতিৰক্ষাৰ দায়িত্ব ফ্ৰান্সৰ ওপৰত নিৰ্ভৰ কৰিছে । সেই কাৰণেই দেশখনৰ কোনো সেনাবাহিনী নাই । তেনেদৰেই চুইজাৰলেণ্ড আৰু অষ্ট্ৰিয়াৰ মাজৰ এটি ভূখণ্ড লিচটেনষ্টাইন।১৮৬৮ চনৰ পৰা দেশখনৰ নাই কোনো সেনাবাহিনী।১৮৯০ চনত দেশখনে স্থায়ীভাৱে সেনাবাহিনী বিলুপ্তি ঘটাই পানামা পাব্লিক প্ৰচেচ গঠন কৰে পানামাই । ইয়াৰ বাহিৰে কোনো আনুষ্ঠানিক সেনাবাহিনী দেশখনৰ নাই। তেনেদৰে ভেটিকান চিটীৰো নাই কোনো সেনাবাহিনী। আছে মাত্ৰ চুইছ গাৰ্ড নামৰ এটি বাহিনী। প্ৰশান্ত মহাসাগৰীয় সৰু দ্বীপৰাষ্ট্ৰ কিৰিবাটিৰো নাই কোনো সেনাবাহিনী।১৯৬৮চনৰ পৰা নিজাকৈ কোনো সেনাবাহিনী নাই মৰিছাছত । বৃটেইনৰ পৰা স্বাধীনতা পোৱাৰ পিছতেই সেনাবাহিনী প্ৰত্যাখ্যান কৰে দেশখনে ।চছিয়েল ম’বাইল ফ’ৰ্চ নামৰ এটি অৰ্ধসামৰিক বাহিনীয়ে দেশখনৰ আভ্যন্তৰীণ দিশটো চোৱা-চিতা কৰে । এই তালিকাৰ শেহৰ ৰাষ্ট্ৰখন হৈছে পালাউ ।১৯৯৪ চনত স্বাধীনতা লাভৰ পিছৰে পৰা দেশখনত কোনো সেনাবাহিনীৰ ব্যৱস্থা নাই।
দৰাচলতে পৃথিৱীৰ এই দেশ সমূহেহে অন্তঃকৰণেৰে উপলব্ধি কৰিব পাৰিছে যে ” -আমি যদিহে এই পৃথিৱীত যুদ্ধ শেষ কৰিব নোৱাৰো, যুদ্ধই আমাক এদিন শেষ কৰিব।””

Share