কাৰ্বি পাহাৰৰ অসূৰ্যস্পশা হাড়গাঁৱে মাতে ৰিঙিয়াই  ,,,

Share

কনক হাজৰিকা : ৰ’দ,বৰষুণ নপৰা এখন গাঁৱক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা  । হাজাৰ বাধাক নেওচিব পৰা ,এক প্ৰকাৰ গাত ৰ’দ নলগা ,বৰষুণ নপৰা বাসিন্দাৰে ভৰা নগাঁও-কাৰ্বি আংলং সীমান্তৰ গাঁও খনৰ প্ৰকৃতিৰ অনন্য ৰূপে হাত বাউল দি মাতিছে  প্ৰকৃতি প্ৰেমী সকলক। উন্নয়নকামী পথ -পানী- পোহৰৰ চিন- চাপ নথকা ,মাত্ৰ প্ৰকৃতিয়ে অকৃপণ ভাৱে নিজেই সজাই তোলা ঠাইখন এতিয়া সকলোৰে হৈ পৰিছে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু । লোকচক্ষুৰ পৰা আঁতৰত থকা প্ৰায় ১০০ বছৰ পুৰণি পাহাৰীয়া গাঁও খনৰ নাম হাড়গাঁও । তালৈ যাবলৈ আজি একবিংশ শতিকাতো নাই কোনো সুচল যাতায়াত ,বিশুদ্ধ খোৱা পানীৰ  ব্যৱস্থা । গাঁও খনৰ চাৰিওফালে কেৱল পাহাৰ আৰু পাহাৰে আৱৰা বিনন্দীয়া প্ৰকৃতি মোহনীয় আস্বাদনে কিন্তু সকলো লোককে হাতবাউলি মাতে । কলিয়াবৰ মহকুমা তথা সমজিলাৰ অন্তৰ্ভুক্ত কাৰ্বি আংলং সীমান্তত সেউজীয়াৰে পৰিপূৰ্ণ গাঁও খনৰ নৈসৰ্গিক দৃশ্যই বছৰৰ বাৰমাহে সকলো লোককে আকৰ্ষণ কৰি ৰাখিছে । কলিয়াবৰ মহকুমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাটবৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি গলেই নগাঁও-কাৰ্বি আংলং সীমান্তৰ কাৰ্বি পাহাৰৰ গাতে লাগি আছে চিৰ সেউজীয়া হাড়গাঁও  । লোকচক্ষুৰ পৰা বহু নিলগত থকা গাঁও খনৰ চৌদিশে আবৰি আছে মাঠো পাহাৰ আৰু  পাহাৰ ।প্ৰকৃতিৰ সমস্ত সমলেৰে পৰিপূৰ্ণ গাঁও খনত কাৰ্বি, চাহ জনগোষ্ঠীকে ধৰি সংমিশ্ৰিত জনবসতিয়ে অতীতৰে পৰা মিলা-প্ৰীতিৰে জীৱনৰ বাটত বগোৱা বাইছে । ইয়াৰ  সেউজীয়াৰ মাজত থকা  প্ৰায়  পঞ্চাশটা পৰিয়ালৰ জীৱন সংগ্ৰামে সকলোকে মোহাচ্ছন্ন কৰি তোলে ।সেউজীয়া পাহাৰৰ শুকান খৰি একা -বেকা বাটেৰে কঢ়িয়াই দুৰৰ বজাৰত বিক্ৰী কৰি তাহানিৰ পৰাই পৰিয়াল পোহ পাল দি আহিছে এই সকল লোকে ।তেওঁ লোকক যেন বৰষুণেও তিয়াব নোৱাৰে,শীতেও চুব নোৱাৰে । কাৰণ কৰ্মময় জীৱনৰে একাত্ম  এইসকল লোকৰ নাই বাসোপযোগী গৃহ বা ঘৰ । পাহাৰৰ জুৰিৰ পানীয়েই হৈছে  একমাত্ৰ তৃষ্ণা নিবাৰণৰ উপায়  ।পাহাৰৰ খৰি লুৰি বিক্ৰী কৰাৰ উপৰি চাহ বাগিছাত কৰা দৈনিক হাজিৰা কৰিও কোনো ৰকম পেট প্ৰৱৰ্তাই আছে এইসকল লোকে ।

  সেউজীয়া পাহাৰে আবৃত হাড়গাৱত আছে পৰ্যটনৰ অলেখ সমল যদিওবা আজিকোপতি বনৰীয়া ফুলৰ দৰে যেন অনাদৃত, অবহেলিত । সুচল যাতায়াতৰ ব্যৱস্থা নোহোৱাত গাঁও বাসীয়ে জান-জুৰি নিজৰাৰ ওপৰেৰে বাট কাটি লব লগাত পৰিছে ।গাঁও খনৰ শিশু সকলে দেখা পঢ়াশালি ।ওচৰে পাজৰে কেনি কতোৱেই নাই বিদ্যালয় অথবা পঢ়াশালি ।বন্যহস্তী অথবা আন আন বন্য জীৱ-জন্তুৰ সৈতে  সহবাস কৰা লোকসকলে বৰ্তমানেও লাভ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰী  আচনি অথবা  সাহাৰ্য্য । যিটো সময়ত চৰকাৰে সকলোৰে  বাবে  শিক্ষা, স্বাস্থ্যৰ অধিকাৰ প্ৰাপ্যৰ কথা দোহাৰিছে তেনে সময়তে হাড়গাৱৰ দৰে বাসিন্দাৰ বাবে যেন অলীক সপোন । দৰাচলতে দুৰ্গম অতি প্ৰত্যন্ত এলেকা হোৱাৰ বাবেই লোকচক্ষুৰ আঁৰত ৰৈ যোৱা  এই সকল গাঁও বাসীৰ ভৱিষ্যত প্ৰজন্মৰ অনাগত দিনবোৰ যাতে সুখকৰ হয় তালৈ চকু দিবলৈ চৰকাৰৰ আহৰি হবনে বুলি  প্ৰশ্ন তুলিছে সচেতন মহলে । 

Share