আই এছ এলত আজি নৰ্থ ইষ্ট ইউনাইটেড-জামছেদপুৰ এফ চি
স্প’ৰ্টছ ডেস্ক : ক্ৰমাগত আঠখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ এই সাফল্যৰ যাত্ৰা ছিলঙত খেলা অন্তিম মেচত মুম্বাই চিটীৰ বিৰুদ্ধে পৰাজয়ৰ লগে লগে সমাপ্ত হয় ৷ নতুন আশাৰে দলে আজি চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ জামছেদপুৰত হ’ব লগা এখন গুৰুত্বপূৰ্ণ মেচত জামছেদপুৰ এফ চিৰ মুখামুখি হ’ব ৷ অৱশ্যে বাহিৰত খেলা মেচত এতিয়াও নৰ্থ ইষ্ট ইউনাইটেড পাঁচখনত অপৰাজেয় হৈ আছে ৷
নৰ্থ ইষ্ট ইউনাইটেডে ২০ খন মেচত ২৯ পইণ্টৰে তালিকাৰ ষষ্ঠ স্থানত আছে ৷ আজিৰ মেচত জয়লাভ কৰিলে দলে চতুৰ্থ স্থানলৈ উত্তৰণ কৰিব পাৰিব ৷ ইয়াৰপূৰ্বে গুৱাহাটীত দলে ৫- ০ গ’লত জামছেদপুৰৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৷ আজি আলহী দলটোৱে প্ৰতিযোগিতাখনত লীগ ডাবল সম্পূৰ্ণ কৰাৰ আন এক সুযোগ পাব ৷
কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে ঘৰত খেলা পাঁচখন খেলৰ কোনো এখনতে পৰাজয়ৰ সন্মুখীন হোৱা নাই জামছেদপুৰ ৷ দুখনত জয় তথা তিনিবাৰ ড্ৰ’ কৰিছে ৷ চলিত ছিজনত গৃহ ষ্টেডিয়ামত উৎসাহজনক দৌৰত আগবাঢ়িছে জামছেদপুৰ ৷ ১০ খন খেলৰ ভিতৰত আঠখন খেলতে জয়লাভ কৰিছে দলে ৷
জামছেদপুৰ দলে লীগত ১৯ খন খেলৰ পৰা ৩৪ পইণ্ট লাভ কৰি বৰ্তমান তৃতীয় স্থানত আছে ৷ দলে এঘাৰখনত জয় আৰু এখন ড্ৰ’ খেলিছে ৷ আজিৰ মেচত দলৰ লক্ষ্য হ’ব জয়ৰে দ্বিতীয় স্থানত উপনিত হোৱা৷ উল্লেখ্য যে দ্বিতীয় স্থান লাভ কৰিলে দলে এলিমিনেটৰত অংশগ্ৰহণ কৰিব নালাগে আৰু পোনপটীয়াকৈ ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰিব ৷
ইফালে, চলিত লীগত ওড়িছা এফ চিৰ লগতে সমানে আঠখন মেচ ড্ৰ খেলিছে নৰ্থ ইষ্ট ইউনাইটেডে ৷ দলে পূৰ্বৰ পাঁচখন খেলত এবাৰ জয়লাভ কৰাৰ বিপৰীতে তিনিখন ড্ৰ খেলিছে ৷ লীগৰ শীৰ্ষ ছটা স্থানত থকাৰ বাবে বাকী থকা প্ৰতিখন মেচ সমীকৰণৰত নৰ্থ ইষ্ট ইউনাইটেডে দৃষ্টি ৰাখিছে ৷
‘নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে আমাৰ শেষৰখন মেচৰ ফলাফল নিৰাশজনক আছিল ৷ সেয়ে আমি আজিৰ মেচখন ইতিবাচকভাৱে আগবঢ়াই নিব লাগিব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ এই মেচখনৰ ইতিবাচক ফলাফলে আমাক সুযোগ দিব ৷’ জামছেদপুৰ এফ চিৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে কয় ৷
ইফালে, নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিয়ে কয় ‘জমছেদপুৰ এফ চি অতি বিপজ্জনক দল ৷ তেওঁলোকৰ বিৰুদ্ধে যিকোনো ভুলৰ ফলত এটা গ’ল হ’ব পাৰে ৷ আমি যিমান পাৰি সিমান পইণ্ট লাভ কৰি প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব লাগিব ৷ লক্ষ্য হ’ল তিনি পইণ্ট লাভ কৰা ৷’
আই এছ এলত দুয়ো দলে এতিয়ালৈকে ১৫ বাৰ মুখামুখি হৈছে ৷ জামছেদপুৰে ইয়াৰে ছয়খন খেলত জয়লাভ কৰিছে৷ আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডে তিনিবাৰকৈ বিজয়ী হৈ ওলাই আহিছে ৷ ড্ৰ’ হৈছে ছখন মেচ ৷