০ ইছৰো এৰিছে জ্যেষ্ঠ বিজ্ঞানীয়ে : আভ্যন্তৰীণ নিৰ্দেশনা জাৰি চৰকাৰৰ

Share

LIVE ASSAM : ইছৰোৰ জ্যেষ্ঠ বিজ্ঞানী সকলে বিচাৰিলেই কৰ্তব্যৰ পৰা অব্যাহতি লোৱা সহজ নহ’ব। ইয়াৰ বাবে ডিপাৰ্টমেণ্ট অৱ স্পেছৰ অনুমোদন বাধ্যতামূলক কৰা হৈছে।
এতিয়াৰে পৰা ইছৰোত কৰ্মৰত জ্যেষ্ঠ বিজ্ঞানী সকলে এৰো বুলিয়েই নিজৰ চাকৰি এৰিব নোৱাৰিব। পদত্যাগ অথবা স্বেচ্ছামূলক অৱসৰৰ বাবেও আৱশ্যক হ’ব ডিপাৰ্টমেণ্ট অৱ স্পেছৰ অনুমোদন।
যোৱা ১৪ জুলাইত জাৰি কৰা এক আভ্যন্তৰীণ নিৰ্দেশনাত এই কথা প্ৰকাশ কৰা হৈছে।
চৰকাৰী ভাৱে প্ৰকাশ নকৰিলেও প্ৰাপ্ত তথ্য অনুসৰি শেহতীয়াভাৱে ইছৰোৰ পৰা বুজন সংখ্যক জ্যেষ্ঠ বিজ্ঞানী নিজ নিজ দায়িত্ব – কৰ্তব্যৰ পৰা আঁতৰি গৈছে। কোনোবা আন লোভনীয় পদৱীলৈ যোৱাৰ বিপৰীতে কোনোবাই অত্যধিক হেঁচা সহিবলৈ অক্ষম বুলিয়েই অব্যাহতি লৈছে। এই তথ্য অনুসৰি বিগত কেইটামান মাহত ১০০ ৰ পৰা ১২০ গৰাকীকৈ জ্যেষ্ঠ বিজ্ঞানীয়ে এনেদৰে বিভিন্ন অজুহাতত ইছৰো ত্যাগ কৰিছে। বাংগালুৰুৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰৰ পৰা ২০ জন, থিৰুঅনন্তপুৰমৰ বিক্ৰম চাৰাভাই স্পেছ চেণ্টাৰৰ পৰা ৮০ জন বিজ্ঞানীয়ে ইছৰো এৰি আঁতৰি গৈছে। এতিয়াও তেনে কেইবাখনো আবেদন বিবেচনাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
ইছৰোৰ অধ্যক্ষ ভি নাৰায়ননে এনে পদত্যাগৰ কথা স্বীকাৰ কৰিছে।
এনে পৰিপ্ৰেক্ষিতত চৰকাৰে এই আভ্যন্তৰীণ নিৰ্দেশ জাৰি কৰিবলৈ বাধ্য হৈছে। এই নিৰ্দেশনাটোত কোৱা হৈছে যে গগনযান আৰু আন গুৰুত্বপূৰ্ণ মিছনৰ সৈতে জড়িত গ্ৰুপ “এ ” পৰ্যায়ৰ বিজ্ঞানী আৰু কাৰিকৰী বিশেষজ্ঞ সকলে দাখিল কৰা এনে অব্যাহতি বিচৰা আবেদনসমূহৰ ক্ষেত্ৰত ডিপাৰ্টমেণ্ট অৱ স্পেছৰ অনুমোদন বাধ্যতামূলক কৰা হৈছে। দৰাচলতে ইছৰোৰ দৰে প্ৰতিষ্ঠানত এনেদৰে ব্যাপক হাৰত জ্যেষ্ঠ বিজ্ঞানীৰ বিদায়ে ইয়াৰ কাম-কাজক গুৰুতৰ ধৰণে ক্ষতিগ্ৰস্ত কৰাৰ আশংকা দেখা দিয়াৰ সম্ভাৱনা আছে।

Share