চিকেন নেকলৈ ভাবুকি ! বাংলাদেশৰ চীন প্ৰীতিত উদ্বিগ্ন ভাৰত

Share

গুৰমাইল সিং : নগাঁও :- চীন আৰু বাংলাদেশৰ সহযোগিতাৰ লক্ষ্য কোনো তৃতীয় পক্ষ নহয় আৰু সেয়েহে ইয়াক লৈ তৃতীয় পক্ষ ব্যতিব্যস্ত হোৱাৰো কোনো কাৰণ নাই। বাংলাদেশৰ বহু চৰ্চিত তীস্তা নদী প্ৰকল্পৰ বাবে চীনৰ লগত চুক্তি স্বাক্ষৰ কৰাৰ অন্তত এই মন্তব্য প্ৰকাশ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ উপদেষ্টা জাহেদ উৰ ৰহমানে।
বাংলাদেশৰ TRCMRP অৰ্থাৎ” তীস্তা ৰিভাৰ কম্প্ৰিহেন্সিভ মেনেজমেণ্ট এণ্ড ৰেষ্টৰেশ্যন প্ৰজেক্ট” হস্তগত কৰিবলৈ দীৰ্ঘ দিন ধৰি প্ৰয়াস চলাই আহিছিল চীনদেশে। ভাৰতৰ সৈতে এক অসহজ সম্পৰ্কৰ বাবেই চীন ইয়াক লৈ আগ্ৰহী আছিল। বহু বছৰ ধৰি চীনে এই প্ৰকল্প হস্তগত কৰিবলৈ যত্ন কৰি আছিল যদিও সেই সময়ৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বাবেই সেয়া সম্ভৱ হৈ উঠা নাছিল।

দৰাচলতে ভাৰতৰ ছিকিমৰ পৰা বৈ পশ্চিম বংগ হৈ যোৱা এই তীস্তা নদীৰ জলৰাশিয়ে দুয়োখন দেশৰ অজস্ৰ লোকৰ জীৱন -জীৱিকাক প্ৰভাৱান্বিত কৰি আহিছে। এই জলৰাশি দুয়োখন দেশৰ সীমাৰে অতিশয় স্পৰ্শকাতৰ শিলিগুৰিৰ চিকেন নেকৰ তেনেই কাষেৰে প্ৰায় ১০-১২ কিলোমিটাৰ আগবাঢ়ি গৈছে। নকলেও হয় যে এই জলৰাশিক লৈ ভাৰত সদায়েই সচেতন আছিল আৰু সময়ে সময়ে ইয়াক লৈ দুয়ো দেশৰ মাজত নানান আলোচনা চলি আছিল। একেদৰেই ভাৰতক হেঁচাত ৰাখিব বিচৰা চীনদেশেও সদায় ইয়াত নিজৰ দৃষ্টি নিবদ্ধ ৰাখিছিল। সেয়েহে শ্বেখ হাছিনাই এই ক্ষেত্ৰত ভাৰত আৰু চীন – কোনো এটা পক্ষকে অসন্তুষ্ট কৰাৰ পৰা বিৰত থাকি এক কৌশলী স্থিতি গ্ৰহণ কৰিছিল। মিত্ৰ দেশ ভাৰতক কোনো কাৰণতে অসন্তুষ্ট কৰিব বিচৰা নাছিল হাছিনাই। একে সময়তে তেওঁ চীনৰ আগ্ৰহক বাধা দি তীস্তা প্ৰকল্প সেই দেশক হস্তান্তৰ কৰা নাছিল। আনহাতে চীনক অসন্তুষ্ট নকৰি চীনৰ পাৱাৰ কনষ্ট্ৰাকচন কৰ্পৰেশ্বনৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। তীস্তা প্ৰকল্পৰ জৰিয়তে ৰংপুৰ অঞ্চল কিদৰে উপকৃত হ’ব সেই বিষয়ে এক পৰিকল্পনা যুগুত কৰিবলৈ ইয়াৰ দ্বাৰা দায়িত্ব দিয়া হৈছিল। এইছোৱা সময়ত শ্বেখ হাছিনাই নতুন দিল্লীৰ সৈতে সঘনাই যোগাযোগ কৰি তীস্তা নদীৰ জলৰাশিৰ উপযুক্ত বিতৰণৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিবলৈ বিচাৰিছিল। ইয়াৰ বাবে ভাৰতক আগবাঢ়ি আহিবলৈ শ্বেখ হাছিনাই বাৰম্বাৰ অনুৰোধ জনাইছিল যদিও সেই সময়ৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাধাৰ বাবেই বিশেষ সুফল লাভ কৰিব নোৱাৰিলে।

আনহাতে ৰংপুৰৰ সেই অধ্যয়নৰ সুযোগ লৈ চীনে ৰংপুৰত নিজৰ উপস্থিতি সবল কৰি তোলে। তদুপৰি বাৰপুকুৰীয়াৰ কয়লা খনি, তীস্তা নদীৰ ওপৰত গাইবান্ধাৰ দলং আদি নিৰ্মাণত জড়িত হৈ পৰা চীন বাংলাদেশত অধিক সক্ৰিয় হৈ পৰে।
ইতিমধ্যে বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হয়। এই অস্থিৰতাৰ বাবে বিপদজনক হৈ পৰা বাংলাদেশ এৰি শ্বেখ হাছিনা গোপনে ভাৰতলৈ আহে আৰু ভাৰত চৰকাৰৰ আশ্ৰয় গ্ৰহণ কৰে। শ্বেখ হাছিনাৰ পতনৰ পিছতে ইউনুছ চৰকাৰে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰে। মহম্মদ ইউনিছৰ কৃপাতেই বাংলাদেশৰ সৈতে চীনৰ ঘনিষ্ঠতা বৃদ্ধি পায়। ফলত লালমণিৰহাটত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহৃত বায়ু সেনাৰ ঘাটি পুনৰ নিৰ্মাণৰ দায়িত্ব চীনৰ হাতত চমজাই দিয়া হয়।
ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত সুদীৰ্ঘ কালৰ অন্তত বাংলাদেশৰ ক্ষমতালৈ ঘূৰি আহে বি এন পি নেত্ৰী খালেদা জীয়াৰ পুত্ৰ তাৰিক ৰহমান। শ্বেখ হাছিনাৰ পতনৰ অন্যতম কাৰণ আছিল জামাত ই ইছলামীৰ হেঁচা। বাংলাদেশৰ অস্থিৰতাৰ সুযোগ লৈ দেশখনত সক্ৰিয় হৈ উঠে চীনৰ অনুগত পাকিস্তান। সেই পাকিস্তানৰ হেঁচা আদি বিভিন্ন কাৰণত সমগ্ৰ বিষয়টো নতুনকৈ ভাবিবলৈ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান বাধ্য হয়।
স্বাভাৱিকতে নিজৰ প্ৰথমটো বিদেশ ভ্ৰমণৰ বাবে তেওঁৰ বাচনিত উঠিল চীনদেশ। সেই ভ্ৰমণৰ কালতে তীস্তা নদীৰ প্ৰকল্প সম্পৰ্কীয় চুক্তিত স্বাক্ষৰ কৰে বাংলাদেশে।
তীস্তা প্ৰকল্প দৰাচলতে এক অজুহাতহে চীনৰ বাবে। এই প্ৰকল্পৰ আলম লৈ বাংলাদেশত নিজৰ খোপনি অধিক সুদৃঢ় কৰি তুলিব বিচাৰিছে চীনদেশে। এই প্ৰকল্পৰ নাম লৈ ভাৰতৰ সীমান্তত তৎপৰতা বৃদ্ধি কৰিছে চীনে।
চিকেন নেকৰ সমীপত বাংলাদেশত চীনৰ ক্ৰমশঃ সবল উপস্থিতি আৰু সু- সম্পৰ্কক কোনো কাৰণতে সহজভাৱে ল’ব পৰা নাই ভাৰতে।
আজি অৰুণাচল প্ৰদেশত উন্নয়নৰ স্বাৰ্থতে আমেৰিকা অথবা আন যিকোনো দেশক অৰুণাচলত কোনো প্ৰকল্পৰ দায়িত্ব দিয়াৰ বিষয়ে প্ৰকাশ কৰিলেই হৈ চৈ সৃষ্টি কৰে চীনদেশে। অথচ ভাৰত- বাংলাদেশ সীমান্তত তীস্তা নদীৰ প্ৰকল্পত চীনক জড়িত কৰা হ’ল। ইয়াৰ পিছতো বিষয়টোক লৈ ভাৰতৰ উদ্বেগক কোনো গুৰুত্বই দিব বিচৰা নাই বাংলাদেশ অথবা চীনে।
এনে এক পৰিস্থিতিত ভাৰতে বিষয়টোক লৈ কেনে স্থিতি গ্ৰহণ কৰে সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

Share