Close

পাকিস্তানৰ পিছত এইবাৰ ভাৰতৰ ৰোষত পৰিছে বাংলাদেশ

০বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ভাৰত

০স্থলপথেৰে ৰপ্তানি নিষিদ্ধ কৰিলে ভাৰতে০

আন্তঃৰাষ্ট্ৰীয় ডেস্ক : পাকিস্তানৰ পিছত এইবাৰ ভাৰতৰ ৰোষত পৰিছে বাংলাদেশ। শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশত পাকিস্তান সমৰ্থিত মৌলবাদীৰ প্ৰভাৱ বৃদ্ধি পাইছে। ইয়াৰেই ফল স্বৰূপে ক্ৰমাৎ ভাৰত বিৰোধী হৈ উঠিছে বাংলাদেশ। বাংলাদেশৰ আভ্যন্তৰীণ চৰকাৰৰ মূৰব্বী মহম্মদ ইউনুছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক লক্ষ্য কৰি লেণ্ড লকড অঞ্চল বুলি অভিহিত কৰিছিল। সাগৰপৃষ্ঠৰ পৰা বিচ্ছিন্ন এই ভূখণ্ড ভাৰতৰ সৈতে সংযোগ হৈ আছে চিকেন নেক বুলি জনাজাত এক ঠেক কৰিডৰৰ দ্বাৰা। সেয়েহে এই অঞ্চলক চীনে সামৰি লোৱা উচিত বুলি কৈছিল মহম্মদ ইউনুছে।


ইয়াতেই ক্ষুব্ধ হৈ উঠা ভাৰত চৰকাৰে ইতিমধ্যে বাংলাদেশৰ বিৰুদ্ধে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। এই ধাৰা অব্যাহত ৰাখি এইবাৰ ভাৰত চৰকাৰে বাংলাদেশৰ বিৰুদ্ধে কেতবোৰ অতিৰিক্ত নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি এতিয়াৰে পৰা বাংলাদেশৰ কোনো সামগ্ৰী অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম তথা পশ্চিম বংগৰ ফুলবাৰী চাংৰাবান্ধা হৈ স্থলপথেৰে প্ৰৱেশ কৰিব নোৱাৰিব। অৱশ্যে এনে সামগ্ৰী পশ্চিম বংগৰ বন্দৰ আৰু মহাৰাষ্ট্ৰৰ নাভা চাৱা বন্দৰেৰে অৰ্থাৎ জলপথেৰে প্ৰৱেশ কৰিব পাৰিব।
বাংলাদেশে ভাৰতলৈ ৰেডীমেড গাৰমেণ্টছ, প্লাষ্টিক, মেলামাইন, ফাৰ্ণিচাৰ, ফলৰ ৰস, শীতল পানীয়, বেকাৰী উৎপাদিত বিভিন্ন সামগ্ৰী তথা কনফেকশ্যনাৰী এই স্থলপথেৰে ৰপ্তানি কৰি আহিছিল। শেহতীয়াকৈ ভাৰত চৰকাৰৰ এই নিষেধাজ্ঞাৰ ফলত বাংলাদেশ এই ক্ষেত্ৰত বিশেষ ভাৱে ক্ষতিগ্ৰস্ত হ’ব। কিয়নো ভাৰতলৈ বাংলাদেশৰ ৰপ্তানি সামগ্ৰীৰ প্ৰায় ৯৩ শতাংশই এই পথেৰে আহিছিল। এতিয়া বিকল্প পথেৰে ব্যৱসায় কৰিবলৈ গ’লে বহু বেছি ব্যয় বৃদ্ধি পাব আৰু সেয়া বিশেষ লাভজনক নহ’ব বাংলাদেশৰ বাবে।
বস্ত্ৰ শিল্পৰ বাবে বিখ্যাত বাংলাদেশে বিগত বৰ্ষত ৭৪০ মিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ সামগ্ৰী ভাৰতলৈ ৰপ্তানি কৰিছিল।
সেয়েহে ভাৰত চৰকাৰৰ এই নিষেধাজ্ঞাই বাংলাদেশৰ অৰ্থনীতিক বিশেষ ভাৱে ক্ষতিগ্ৰস্ত কৰিব আৰু ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে দেশখনত।

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top