০ ইণ্ডোনেছিয়াক ব্ৰাক্ষ্মচ যোগান ধৰিব ভাৰতে

Share

০ জাকাৰ্টাত দুয়োখন দেশৰ মাজত চুক্তি স্বাক্ষৰিত

ভাৰতে ইণ্ডোনেছিয়াক ব্ৰাক্ষ্মচ ক্ৰুজ মিছাইল চিষ্টেম আৰু এষ্ট্ৰা এয়াৰ টু এয়াৰ মিছাইল যোগান ধৰিব।
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবউ চুবিয়াণ্টোৰ আমন্ত্ৰণ মৰ্মে সেই দেশ ভ্ৰমণ কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে স্বাক্ষৰিত হোৱা দ্বিপাক্ষিক চুক্তি মৰ্মে ইণ্ডোনেছিয়ালৈ এনেদৰে সহায়ৰ হাত আগবঢোৱা হৈছে।
ভাৰত চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়াই এই সন্দৰ্ভত প্ৰকাশ কৰে যে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ এই মিছাইলৰ শক্তি দেখি প্ৰভাৱান্বিত হৈছিল ইণ্ডোনেছিয়া।
তদুপৰি নিৰ্বাচনত ব্যৱহাৰ কৰা ই ভি এম প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় কাৰিকৰী সাহায্য ইণ্ডোনেছিয়াক আগবঢ়াবলৈ সন্মত হৈছে ভাৰত চৰকাৰ। দুয়োখন দেশৰ মাজৰ জলপথ যোগাযোগ সুগম কৰিবলৈ ভাৰতৰ নিকোবৰ বন্দৰৰ এশ কিলোমিটাৰ দূৰত্বত অৱস্থিত মালাকা প্ৰণালীৰ সমীপস্থ চাবাং বন্দৰ অধিক উন্নত কৰাতো ভাৰতে ইণ্ডোনেছিয়ালৈ সহায়ৰ হাত আগবঢ়াব। এইবোৰৰ উপৰিও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণৰ কালত দুয়োখন দেশৰ মাজৰ সামৰিক, অৰ্থনৈতিক, বাণিজ্যিক ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ আগতে জাকাৰ্টাৰ আকাশমাৰ্গত প্ৰৱেশ কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানক ইণ্ডোনেছিয়াৰ বায়ু সেনাই আদৰি ইষ্টানা মেৰডেকা অৰ্থাৎ ৰাষ্ট্ৰপতি ভৱনলৈ লৈ যায়।ৰাষ্ট্ৰপতি প্ৰাবউ চুবিয়াণ্টোয়ে প্ৰধান মন্ত্ৰী মোদীক বিপুল ভাৱে আদৰণি জনায়।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণে দুয়ো দেশৰ মাজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ কৰি তুলিব বুলি আশা কৰা হৈছে

Share